ETV Bharat / bharat

নয়ডাত ভাঙি পেলোৱা হ’ল ছুপাৰটেক টুইন টাৱাৰ - Demolishing twin towers of Noida on August 28

দেশত প্ৰথমবাৰৰ বাবে নতুন প্ৰযুক্তিৰে নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ দেওবাৰে ভাঙি পেলায়(twin tower demolish today) এডিফিচ ইঞ্জিনিয়াৰিং কোম্পানীয়ে ৷ টুইন টাৱাৰ দুটা নিৰ্মাণ কৰা সময়ত কঠোৰভাৱে উলংঘা কৰা হৈছিল নিৰ্মাণৰ চৰ্তসমূহ ।

twin-tower-demolish-today-noida
নয়ডাত টুইন টাৱাৰৰ ধ্বংসলীলা
author img

By

Published : Aug 28, 2022, 1:27 PM IST

নেশ্যনেল ডেস্ক, 28 আগষ্ট: নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ দেওবাৰে ভাঙি পেলায়(twin tower demolish today) এডিফিচ ইঞ্জিনিয়াৰিং কোম্পানীয়ে ৷ টুইন টাৱাৰ দুটা নিৰ্মাণ কৰা সময়ত কঠোৰভাৱে উলংঘা কৰা হৈছিল নিৰ্মাণৰ চৰ্তসমূহ । দেশত প্ৰথমবাৰৰ বাবে নতুন প্ৰযুক্তিৰে আকাশচুম্বী অট্টালিকা দুটাৰ গাঁথনিত প্ৰায় ৩,৫০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰক ভৰাই দিয়া হৈছে আৰু ১০০ মিটাৰ দূৰত্বৰ পৰা বিস্ফোৰণটো পৰিচালনা কৰা হ’ব(Demolishing twin towers of Noida on August 28)

ছুপাৰটেক টুইন টাৱাৰ দুৰ্নীতিৰ ভেটিত নিৰ্মিত চুপাৰটেক এমাৰ্ল্ড হাউচিং চ'চাইটিৰ এই দুটা টাৱাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় 101-94 মিটাৰ । কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানে (CBRI)য়ে ইয়াৰ বাবে এনঅ'চি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰতিবেদন দাখিলৰ পিছত উচ্চতম ন্যায়ালয়ে এই টুইন টাৱাৰ দুটাৰ ধ্বংসৰ বাবে অনুমোদন জনাইছিল । উচ্চতম ন্যায়ালয়ে নিজৰ অনুসন্ধানত পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল ।

এই সন্দৰ্ভত এনজিঅ' অপাৰেটৰ সঞ্জয়ে কৈছিল যে, তেওঁ সংগঠনটোৰ লোকসকলৰ সৈতে ৮ আগষ্টৰ পৰা নিৰন্তৰভাৱে টুইন টাৱাৰটোৰ আশে পাশে জন্তুৰ উপস্থিতিৰ অনুসন্ধান কৰা হৈছে ৷ তেওঁলোকৰ সৈতে এডিফিচ কোম্পানীৰ এটা দলো আছে, যিটো দলে ভৱনটোৰ চাৰিওফালে কোনো জন্তু আহিব নোৱাৰাকৈ নিশ্চিত কৰিবলৈ দিন-ৰাতি নিবিড়ভাৱে পৰীক্ষা কৰি আছে ৷ টাৱাৰ দুটা ধ্বংসৰ পূৰ্বে ভৱনটোৰ পৰা জন্তুসমূহ উদ্ধাৰ কৰা হৈছে ৷

সুৰক্ষাৰ কাৰণে নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব । জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় অগ্নিনিৰ্বাপক গাড়ী, এম্বুলেন্স আদি টুইন টাৱাৰৰ সন্মুখত অৱস্থিত উদ্যানখনৰ পিছফালে নিৰ্মিত পথত ৰখাই থোৱা হ'ব ।

ইফালে নয়দাৰ ৯৩এ চেক্টৰৰ চুপাৰ এমাৰ্ল্ড চছাইটিৰ আৰু এটিএছ ভিলেজৰ ৫,০০০ৰো অধিক চুবুৰীয়া বাসিন্দাসকলে ২৮ আগষ্টৰ পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত চৌহদটো খালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল ৷ এমাৰ্ল্ড ক'ৰ্ট গ্ৰুপ হাউচিং আৰু এটিএছ ভিলেজৰ নিৰাপত্তা কৰ্মচাৰীসকলে এই চৌহদবোৰ চোৱাচিতা কৰিবলৈ দুপৰীয়া 12 বজালৈকেহে থাকিব পাৰিব ৷

এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল । অৱশ্যে, অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহুলোকে ক্ৰয় কৰি অভিযোগ কৰিছিল যে, টুইন টাৱাৰৰ নিৰ্ধাৰিত পৰিকল্পনা পাছলৈ সলনি কৰা হৈছিল ৷ ২০১২ চনত তেওঁলোকে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল ।

লগতে পঢ়ক: দেওবাৰে ধ্বংস কৰা হ’ব দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.