ETV Bharat / bharat

Man married twin sister: এজন যুৱকে বিয়া কৰালে যমজ ভগ্নীক

author img

By

Published : Dec 4, 2022, 6:58 PM IST

মহাৰাষ্ট্ৰৰ চলাপুৰত এজন যুৱকৰ সৈতে বিয়াত বহিল দুগৰাকী উচ্চ শিক্ষিত যুৱতী((twin sisters marry same man) ৷ যিখন বিয়াৰ কথা সম্প্ৰতি সমগ্ৰ দেশ জুৰি চৰ্চিত হৈ পৰিছে ৷ অৱশ্যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আধাৰত গ্ৰেপ্তাৰ কৰিছে দৰাক(Groom booked for marry twin sister) ৷

Man married twin sister
এজন যুৱকে বিয়া কৰালে যমজ ভগ্নীক

নিউজ ডেস্ক, 4 ডিচেম্বৰ: এজন ব্যক্তিয়ে দুগৰাকী বা ততোধিক মহিলাক বিয়া কৰোৱা দেখিছে অথবা শুনিছে ৷ অথবা এগৰাকী মহিলাই কেইবাগৰাকীও পুৰুষলৈ বিয়া হৈ যোৱাও আপুনি দেখিছে ৷ কিন্তু আজি আমি আপোনালোকক এনে এখন বিবাহ দেখুৱাম যি দেখি আপুনিও হয়তো আচৰিত হৈ পৰিব ৷ হয়, মহাৰাষ্ট্ৰৰ চলাপুৰ জিলাৰ এখন বিবাহে এতিয়া দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা ৷ সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই বিশেষ বিয়াখনৰ কিছু দৃশ্যাংশ ৷

এজন যুৱকে বিয়া কৰালে যমজ ভগ্নীক

এতিয়া আহিছো মূল প্ৰসংগলৈ ৷ দৰা এজনেই কিন্তু কইনা দুগৰাকী ৷ কিন্তু আচৰিত হ’ব লগা কথাটো হ’ল যে দৰাজনে বিয়া কৰোৱা দুয়োগৰাকী কইনাই যমজ ভগ্নী(twin sisters marry same man) ৷ পিংকী আৰু ৰিংকী নামৰ দুয়োগৰাকী যমজ ভগ্নী কৰ্মৰত IT ইঞ্জিনিয়াৰ হিচাপে আৰু দুয়োগৰাকী ভগ্নীয়েই একে দিনাই বিবাহপাশত আবদ্ধ হ’ল অতুল নামৰ যুৱকজনৰ সৈতে ৷

Man married twin siste
এজন যুৱকে বিয়া কৰালে দুই যমজ ভগ্নীক

উল্লেখ্য যে কিছুদিন পূৰ্বে মৃত্যু হৈছিল পিংকী আৰু ৰিংকীৰ পিতৃৰ ৷ তাৰ পিছৰে পৰা মাতৃৰ সৈতে আছিল দুয়ো ৷ হঠাৎ দুই ভগ্নীৰ মাতৃ অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ অতুল নামৰ যুৱকজনৰ সৈতে গাড়ীৰে অহা যোৱা কৰিছিল ৷ তেতিয়াই দুই যমজভগ্নী প্ৰেমত পৰিছিল অতুলৰ ৷ লাহে লাহে অতুলৰ সৈতে দুই ভগ্নীৰ সম্পৰ্ক অতি গভীৰ হৈ পৰিল আৰু অৱশেষত অতুলৰ সৈতে যমজ ভগ্নীয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে((marrying twin sisters together) ৷ অৱশেষত, সমাজক সাক্ষী কৰি 2 ডিচেম্বৰত বিবাহ সম্পন্ন হ’ল তিনিওৰে ৷

Man married twin sister
এজন যুৱকে বিয়া কৰালে দুই যমজ ভগ্নীক

বিবাহ অনুষ্ঠানৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 494 ধাৰাত এক গোচৰ ৰুজু কৰি আটক কৰিছে দৰা অতুলক(Groom booked for marry twin sister) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.