ETV Bharat / bharat

আগন্তুক 17 মে’ৰ ভিতৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব টিটিএএডিচি নিৰ্বাচন

author img

By

Published : Jan 13, 2021, 8:54 AM IST

ত্ৰিপুৰাত আগন্তুক 17 মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব টিটিএডিচি নিৰ্বাচন ৷ মঙলবাৰে এই কথা ঘোষণা কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷

TTAADC elections
টিটিএএডিচি নিৰ্বাচন

ত্ৰিপুৰা,13 জানুৱাৰী : অপু দেববৰ্মা আৰু ট্ৰাইলা পিপ’লছ ফ্ৰণ্ট নামৰ ৰাজনৈতিক দলে টিটিএডিচি (ত্ৰিপাৰা ট্ৰাইবেল এৰিয়া স্বায়ত্ব শাসিত জিলা পৰিষদ) নিৰ্বাচন স্থগিত ৰখাৰ কোনো উদ্দেশ্য নাই বুলি আদালতক অৱগত কৰাৰ পাচত সিদ্ধান্ত গ্ৰহণ কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অকিল কুৰেশ্বী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ে আগন্তুক 17 মে’ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পূৰ্বে আদালতে ৰাজ্যিক নিৰ্বাচনী আয়োগ আৰু ত্ৰিপুৰা চৰকাৰক নিৰ্বাচন বৰ্জনৰ ওপৰত ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰিছিল ।

নিৰ্বাচনী আয়োগক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ ধাৰ আৰু অধিবক্তা দেবল্য ভট্টাচাৰ্জীয়েও নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ আৰম্ভ কৰিব ।

ৰাজ্য চৰকাৰে দাখিল কৰা এজাহাৰ অনুসৰি, চৰকাৰে 2020 চনৰ মাৰ্চ মাহত টিটিএডিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল । আনকি নিৰ্বাচনী বিষয়াসকলকো নিযুক্তি দিয়া হৈছিল ৷ কিন্তু ক’ভিড-19ৰ বাবে সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল ৷ টিটিএডিচিৰ নিৰ্বাচনী তালিকা প্ৰস্তুত কৰাৰ প্ৰাথমিক প্ৰক্ৰিয়া 15 জানুৱাৰীৰ ভিতৰত প্ৰকাশ কৰা হ’ব আৰু বাজেট অধিৱেশনৰ পাচত সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো ঘোষণা কৰা হ’ব।

লগতে পঢ়ক : মিজোৰামত পুনৰ ক’ভিড-19ত আক্ৰন্ত 6 জনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.