ETV Bharat / bharat

উত্তৰ প্ৰদেশত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালৰ বাসগৃহত অগ্নিসংযোগ - ভিতৰৰ পৰাই চিঞৰ বাখৰ

উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালক ঘৰৰ ভিতৰত আবদ্ধ কৰি অগ্নি সংযোগ কৰিলে দুৰ্বৃত্তই ৷ আবদ্ধ পৰিয়ালটোৱে দৰ্জা বন্ধ থকাৰ বাবে বাহিৰলৈ ওলাব নোৱাৰি ভিতৰৰ পৰাই চিঞৰ বাখৰ কৰাত চুবুৰীয়াই ঘটনা স্থলিত উপস্থিত হৈ উদ্ধাৰ কৰে পৰিয়ালটোৰ আটাইকেইজন সদস্যক ৷

trying to burn the family alive on conversion in raebarely
উত্তৰ প্ৰদেশত ধৰ্ম পৰিবৰ্তন কৰা এটা পৰিয়াল বাসগৃহত অগ্নিসংযোগ
author img

By

Published : Jan 3, 2021, 10:26 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালক এক বিশেষ সমূদায়ে জীৱন্তে জ্বলোৱাৰ চেষ্টা কৰে ৷ জিলাখনৰ ছলোন আৰক্ষী থানাৰ অন্তৰ্গত অতাপুৰ ৰতাছো গাঁৱত শনিবাৰে নিশা বিশেষ সমূদায়ৰ একাংশ লোকে এটা ঘৰত অগ্নি সংযোগ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে ৷ উক্ত সময়ত ঘৰখনত দেৱ প্ৰকাশ পেটেলে তেওঁৰ দুই পুত্ৰ সন্তান আৰু এগৰাকী কন্যাৰ সৈতে শুই আছিল ৷ আবদ্ধ পৰিয়ালটোৱে দৰ্জা বন্ধ থকাৰ বাবে বাহিৰলৈ ওলাব নোৱাৰি ভিতৰৰ পৰাই চিঞৰ বাখৰ কৰাত চুবুৰীয়াই ঘটনা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত গাঁওবাসীৰ তৎপৰতাত উদ্ধাৰ হয় পৰিয়ালটোৰ আটাইকেইজন সদস্য ৷

ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যথেষ্ট সময়ৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত সোভাগ্যক্ৰমে কোনো লোক হতাহত নহলেও সম্পূৰ্ণ ঘৰটো ভষ্মীভূত হয় ৷

ঘটনাৰ পাছতে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে ঘটনাৰ পৰ্যবেক্ষণ কৰিবলৈ ঘটনাস্থলীত উপ-আৰক্ষী অধীক্ষকো উপস্থিত হয় ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত গছৰ তলত ৰোগীৰ চিকিৎসা !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.