ETV Bharat / bharat

ডেনমাৰ্কলৈ যাব ত্ৰিপুৰাৰ চাহপাত ‘নীৰমহল’ - Tripura's Tea captures international market

ত্ৰিপুৰাৰ ঘৰুৱাভাৱে উৎপাদন কৰা চাহে দখল কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ ৷ এখন সমবায় সমিতিয়ে ঘৰুৱাভাৱে উৎপাদন কৰা চাহ এইবাৰ ৰপ্তানি কৰা হ'ব ডেনমাৰ্কলৈ ৷ শ্বাহজাদা এক্সপোৰ্ট লিমিটেড নামৰ কোম্পানীটোৱে প্ৰতি পাঁচ কেজিত 10,000 ৰ পৰা 12,000 টকা মূল্যৰ এই ৰপ্তানি কৰিব ইউৰোপ আৰু উপসাগৰীয় দেশসমূহলৈ ৷

ত্ৰিপুৰাৰ চাহে দখল কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

author img

By

Published : Apr 12, 2021, 12:11 PM IST

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : ত্ৰিপুৰাৰ এখন সমবায় সমিতিয়ে ঘৰুৱাভাৱে উৎপাদন কৰা চাহ এইবাৰ ৰপ্তানি কৰা হ'ব ডেনমাৰ্কলৈ ৷ ত্ৰিপুৰাৰ চাহ সংগ্ৰাহক আৰু চাহ উন্নয়ন নিগম পৰিষদৰ সঞ্চালক সদস্য দিগন্ত বৰ্মনে জনোৱা মতে, অমৃতসৰৰ এটা কোম্পানীৰ জৰিয়তে ঘৰুৱাভাৱে উৎপাদন কৰা চাহ ডেনমাৰ্কলৈ পঠোৱা হ'ব ৷ ইতিমধ্যে কোম্পানীটোৱে ত্ৰিপুৰাৰ পৰা চাহ ক্ৰয় আৰম্ভ কৰিছে ৷

ত্ৰিপুৰাৰ চাহে দখল কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ
ত্ৰিপুৰাৰ চাহে দখল কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

দীৰ্ঘদিনৰ পৰা টি ব'ৰ্ড ইণ্ডিয়াৰ হৈ কাম কৰা বৰ্মনে কয়, ত্ৰিপুৰাৰ এই বিশেষ চাহে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব ৷ বিশেষ সোৱাদ যুক্ত আৰু অন্যান্য ঔষধি গুনেৰে ভৰপুৰ এই চাহে ত্ৰিপুৰাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে বৰ্মনে কয়, ইতিমধ্যে এই চাহে সৰ্বাধিক মূল্য 10,000 ৰ পৰা 12,000 টকালৈ বৃদ্ধি হৈছে ৷ একচেটীয়া ভাৱে ত্ৰিপুৰাৰ উনাকোটি জিলাৰ অন্তৰ্গত পঞ্চম নগৰত থকা চৰকাৰী চাহ উৎপাদন কেন্দ্ৰটো বন্ধ হৈ যোৱাৰ পাচতে এই কেন্দ্ৰটো সমবায় সমিতি খনে ব্যৱহাৰ কৰি এই চাহবিধ প্ৰস্তুত কৰিছে ৷ উন্নত মানদণ্ডৰ এই চাহবিধক সমবায়খনে নীৰমহল চাহ ব্ৰেণ্ড নামেৰে নামাকৰণ কৰিছে ৷

উল্লেখ্য যে, এই চাহবিধৰ প্ৰস্তুত প্ৰণালী অসমৰ চাহ প্ৰস্তুত প্ৰণালীতকৈ কিছু পৃথক ৷ গছৰ পৰা কোমল চাহপাত চিঙি অনাৰ পাচত ৰ'দত শুকুৱাই হাতেৰে মোহাৰি মোহাৰি ইয়াক প্ৰস্তুত কৰা হয় ৷ অমৃতসৰস্থিত শ্বাহজাদা এক্সপোৰ্ট লিমিটেড নামৰ কোম্পানীটোৱে প্ৰথমে 65,000 টকা প্ৰতি পাঁচ কেজি মূল্যত চাহ ক্ৰয় কৰাৰ পাচতে এই চাহে ইউৰোপ আৰু উপসাগৰীয় দেশসমূহৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: বাফটা এৱাৰ্ড 2021: বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.