ETV Bharat / bharat

নিৰ্বাচনৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা ত্ৰিপুৰাত - নিৰ্বাচনৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা ত্ৰিপুৰাত

ত্ৰিপুৰাৰ জনজাতীয় পৰিষদৰ নিৰ্বাচন অব্যাহত থকাৰ মাজতে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ভোটকেন্দ্ৰত উত্তেজনা, ইভিএম বিকল হোৱাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলীয় কৰ্মীৰ মাজত সংঘাত দেখিবলৈ পোৱা যায় । আনহাতে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন তোলে দলসমূহে ।

নিৰ্বাচনৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা ত্ৰিপুৰাত

author img

By

Published : Apr 6, 2021, 6:14 PM IST

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: ত্ৰিপুৰাৰ জনজাতীয় পৰিষদৰ নিৰ্বাচনৰ মাজতে ৰাজ্যখনত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । জানিব পৰা মতে, আমতালী-গোলাঘাটি এডিচি সমষ্টিৰ অন্তৰ্গত ধাৰিয়াতাল এডিচি গাঁৱত উত্তেজনাই বিৰাজ কৰে । একাংশ দুৰ্বৃত্তই ভোটকেন্দ্ৰ লণ্ড-ভণ্ড কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে । আনকি দুৰ্বৃত্তৰ দলটোৱে ভোটকেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী ভাঙি পেলায় । আৰক্ষী উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷

আগৰতলা চহৰৰ বোধজংনগৰ-ৱাকি নগৰ সমষ্টিত উত্তেজনাৰ মাজতে বিষয়াসকলে ভোটকেন্দ্ৰৰ দুৱাৰ বন্ধ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় । দুৰ্বৃত্তই ভোটকেন্দ্ৰ দখল কৰিবলৈ চেষ্টা কৰাত ভোটদান বন্ধ কৰিবলগীয়া হয় । পৰ্যাপ্ত পৰিমাণৰ আৰক্ষীৰ উপস্থিতিত পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ।

আনহাতে, মহাৰাণী-চেলাগাং সমষ্টিত একাংশ লোকৰ ভয়-ভাবুকিত ভোট বৰ্জন কৰে স্থানীয় লোকসকলে । অঞ্চলটোৰ মহিলাসকলে একাংশ ভাবুকি দিয়া লোকক খেদি পঠিয়ায় । অৱশ্যে আৰক্ষীৰ উপস্থিতিত পুনৰ শান্ত হয় ভোটকেন্দ্ৰটো ।

নিৰ্বাচনৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা ত্ৰিপুৰাত
নিৰ্বাচনৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা ত্ৰিপুৰাত

ইয়াৰ মাজতে খোৱাই জিলাৰ অন্তৰ্গত ৰামচন্দ্ৰঘাট সমষ্টিত স্থানীয় লোকে ইভিএমত টিআইপিআৰএ মোথা পাৰ্টিৰ প্ৰতীক দেখা নাপাই হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে । কিছু সময়ৰ বাবে ভোটদান প্ৰক্ৰিয়া বন্ধ কৰা হয় যদিও পিছত পুনৰ আৰম্ভ হয় । অৱশ্যে টিআইপিআৰএ মোথা পাৰ্টিৰ প্ৰতীকত বগা কাগজ লগোৱা আছিল, যাৰ বাবে অস্পষ্ট আছিল প্ৰতীকটো ।

লেম্বুচেৰাতো একাংশ দুৰ্বৃত্তই ভোটদানৰ বাবে ভোটাৰসকলক বাধা দিয়ে । দক্ষিণ ত্ৰিপুৰাত একাংশ আইপিএফটিৰ কৰ্মীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হয় । সমান্তৰালকৈ স্থানীয় মণ্ডল সভাপতিৰ কনভয়ত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছত বেলোনিয়াত এজন লোক গুৰুতৰভাৱে আহত হয় । চৰকাৰী সূত্ৰ অনুসৰি, ইভিএম বিকল হোৱাৰ খবৰো পোৱা গৈছিল আৰু ইয়াৰ বেছিভাগেই মেৰামতি কৰি থকা গৈছে ৷ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সূত্ৰ অনুসৰি, ভোটৰ শতাংশ সম্পৰ্কে ইচিয়ে এতিয়ালৈকে কোনো প্ৰতিবেদন লাভ কৰা নাই । কিন্তু ৰাজনৈতিক দলসমূহৰ সূত্ৰই দাবী কৰা মতে, আবেলি ২.৩০ বজালৈ প্ৰায় ৭০ শতাংশ ভোটদান সমাপ্ত হৈছে ।

লগতে পঢ়ক: ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.