ETV Bharat / bharat

টিটিএএডিচিৰ নিৰ্বাচনৰ ফলাফলত নিৰাপত্তা কটকটীয়া কৰাৰ দাবী পীযুষ বিশ্বাসৰ - ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছ কমিতি

ত্ৰিপুৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল অহা 10 এপ্ৰিলত ঘোষণা হ'ব ৷ এই লৈ অধিক কটকটীয়া নিৰাপত্তাৰ দাবী তুলিছে ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পীযুষ বিশ্বাসে ৷

টিটিএএডিচিৰ নিৰ্বাচনৰ ফলাফলত নিৰাপত্তাৰ কটকটীয়া কৰিবলৈ দাবী পীযুষ বিশ্বাসৰ

author img

By

Published : Apr 9, 2021, 9:01 AM IST

ত্ৰিপুৰা, 9 এপ্ৰিল : অহা 10 এপ্ৰিলত ঘোষণা হ'ব ত্ৰিপুৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ৷ এই লৈ অধিক কটকটীয়া নিৰাপত্তাৰ দাবী তুলিছে ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পীযুষ বিশ্বাসে ৷

ইতিমধ্যে নিৰাপত্তাৰ বিষয়ত ৰাজ্যিত নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে পীযুষ বিশ্বাসে ৷ এই পত্ৰৰ যোগেদি ৰিগিং, ভোট জামিং আদি বিষয় উত্থাপন কৰি চাৰিটাকৈ দাবী উত্থাপন কৰে টিপিচিচিৰ সভাপতি গৰাকীয়ে ৷

পত্ৰত উল্লেখ কৰা অনুসৰি ভোট গণনা সম্পূৰ্ণ প্ৰক্ৰিয়া চিচিটিভিৰ নিৰীক্ষণত ৰাখিবলৈ দাবী জনোৱা হৈছে ৷ নিৰাপত্তা অধিক কটকটীয়া কৰাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা লগতে অসামৰিক সেৱাৰ লোক সকলে সম্পূৰ্ণ নিৰপেক্ষতা বজাই ৰাখিবৈ পত্ৰখনত দাবী উত্থাপন কৰা হৈছে ৷ তদুপৰি গণনা প্ৰক্ৰিয়াত জড়িত নথকা কোনো লোক গণনা গৃহত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ দাবী জনাইছে পীযুষ বিশ্বাসে ৷

লগতে পঢ়ক: মিজোৰামত অসম ৰাইফলছৰ চিকিৎসা সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.