ETV Bharat / bharat

ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণৰ সিদ্ধান্ত - ক’ভিড 19ৰ প্ৰকোপ

কৰ’ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ শিক্ষা বিভাগে পঞ্চম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰায় 1.8 লক্ষাধিক শিক্ষাৰ্থীক পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰে এই কথা ।

Tripura to promote more than 1.8 lakh students without exams
ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত
author img

By

Published : Jun 12, 2021, 7:12 AM IST

আগৰতলা,12 জুন: ত্ৰিপুৰাৰ শিক্ষা বিভাগে পঞ্চম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা প্ৰায় ১,৮৭,৭৪৪ গৰাকী শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ’ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণ বৃদ্ধিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰিস্থিতি অনুকূল নহয় বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে । নাথে অসামৰিক সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰি এই ক্ষেত্ৰত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত এক মূল্যাংকন কৰা হ'ব পাৰে বুলি ইংগিত প্ৰদান কৰে ।

ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত

ৰাজ্যখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "২০২০-২১ বৰ্ষত অধ্যয়ন পাঠ্যক্ৰম মহামাৰীৰ দ্বাৰা মুখ্যতঃ ক্ষতিগ্ৰস্ত হৈছে । ক’ভিডৰ সংকটে লাখ লাখ শিক্ষাৰ্থীৰ বাবে অধ্যয়নৰ স্বাভাৱিক পাঠ্যক্ৰম ধ্বংস কৰিছে । সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, বিভাগটোৱে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বৰ্তমান সময়ৰ বাবে পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগে লগে উত্তীৰ্ণ কৰাই দিয়া শিক্ষাৰ্থীসকলৰ মূল্যাংকন নিশ্চিতভাৱে সম্পন্ন কৰা হ'ব"। একেদৰে নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকল যিসকলে ক’ভিড 19ৰ প্ৰকোপ হঠাৎ বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ চূড়ান্ত পৰীক্ষাৰ সকলো কাকত লিখিব নোৱাৰিলে, তেওঁলোককো পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

নাথৰ মতে, পঞ্চম শ্ৰেণীত অধ্যয়নৰত মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৫১,৮২৭ গৰাকী ৷ আনহাতে ৫২,৬৫৯ গৰাকী শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে, ৫৩,১৭৬ গৰাকী নৱম শ্ৰেণীত আৰু ৩০,০০৮ গৰাকী শিক্ষাৰ্থীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে ।

লগতে পঢ়ক: ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.