ETV Bharat / bharat

Covid cases in Tripura: কভিড সম্পৰ্কে ত্ৰিপুৰা চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক - ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে

শেহতীয়াকৈ ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে (Covid cases increased in Tripura)। যাৰ বাবে এক শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনাইছে ত্ৰিপুৰা চৰকাৰে । বৈঠকৰ পাছতে ক'ভিড সম্পৰ্কে নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ।

Covid cases in Tripura
কভিড সম্পৰ্কে ত্ৰিপুৰা চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jan 8, 2022, 5:37 PM IST

আগৰতলা,৮ জানুৱাৰী : দেশত আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় ঢৌ । ইতিমধ্যে বহু ৰাজ্যত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । ত্ৰিপুৰাতো ক'ভিডত আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি হৈছে (Covid cases increased in Tripura)।

যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ১০৩ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে এগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৬২৮ গৰাকীলৈ বৃদ্ধি হৈছে । ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে এতিয়া চিন্তিত হৈছে ৰাজ্য চৰকাৰ ।

ক'ভিড পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে চৰকাৰৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে (Tripura government's important meeting on Covid situation)। বিশেষ সূত্ৰৰ মতে ৰাজ্যখনৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে মুখ্য সচিব কুমাৰ আলোকৰ নেতৃত্বত শীৰ্ষ পৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত হ'ব । বৈঠকৰ পাছতে ক'ভিড সম্পৰ্কত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত প্ৰৱেশ কৰা সকলো পথতে ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰা হ'ব । জনসমাগম, সভা-সমিতি, অনুষ্ঠান আদিৰ ওপৰতো প্ৰতিবন্ধকতা আনিব পাৰে । বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ ৰখাৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে ।

আনহাতে চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশ কৰাৰ সম্ভাৱনা আছে । ৰাজনৈতিক কাৰ্যসূচীও বাতিল কৰাৰ সম্ভাৱনা আছে । মুঠতে বৈঠকৰ পাছতে পুনৰ ক'ভিড এছঅ'পি জাৰি কৰি ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.