আগৰতলা,২২ জুলাই : চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত ত্ৰিপুৰাত সম্পূৰ্ণ কৰিব লাগিব জল জীৱন মিছন আঁচনিৰ কাম (Tripura to complete Jal Jeevan Mission by December)। এই নিৰ্দেশ ত্ৰিপুৰাৰ খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীৰ । বৃহস্পতিবাৰে বিভাগৰ বিষয়াসকলৰ সৈতে এখ পৰ্যালোচনা বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশনা জাৰি কৰে । পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ বিষয়াসকলে সেই লক্ষ্য আগত ৰাখিয়ে কাম কৰিব লাগিব (Tripura DWS minister on Jal Jeevan Mission)।
এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই ক্ষেত্ৰত, বিদ্যুৎ বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কামটো আগুৱাই নিয়া উচিত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জল জীৱন মিছন হৈছে ৫ টা ৰাজহুৱা-মুখী প্ৰকল্পৰ ভিতৰত অন্যতম । সমগ্ৰ দেশতে এই প্ৰকল্পটোৰ অধীনত খোৱাপানী যোগানৰ কাম চলি আছে । দেশত প্ৰায় ১৯ কোটি পৰিয়াল আছে । তেওঁলোকৰ ভিতৰত প্ৰায় ৯ কোটি পৰিয়ালক খোৱাপানী যোগানৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ।
পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জল জীৱন মিছন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সমস্যা বা প্ৰত্যাহ্বানসমূহ দূৰ কৰিব লাগিব আৰু এই আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । বিদ্যুতৰ সমস্যা সমাধানৰ বাবে বিভাগটোৰ বিষয়াসকলে সময়ে সময়ে বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত বহিব লাগিব যাতে আঁচনিৰ কাম সোনকালে আগবঢ়াব পৰা যায় ।
এই আঁচনিৰ কাম-কাজ ত্বৰান্বিত কৰিবলৈ বিভাগৰ শীৰ্ষ পৰ্যায়ৰ পৰা সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে । সকলো বিষয়াক উদ্দেশ্যি তেওঁ কয় যে অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ প্ৰায় সকলো পৰিয়াললৈ খোৱাপানীৰ সংযোগ সম্পূৰ্ণ কৰিব লাগিব । নিবিদা প্ৰক্ৰিয়াৰ কাৰ্যকৰীকৰণো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগে । যিহেতু নিবিদা প্ৰক্ৰিয়া বিলম্বিত হৈছে সেয়ে সংশ্লিষ্ট সংস্থাসমূহে আঁচনিৰ কাম সময়মতে আৰম্ভ কৰিব নোৱাৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।
আঁচনিৰ কাম ধলাই জিলাত অধিক ক্ষিপ্ৰতাৰে কৰিবলৈ তেওঁ গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে জনজাতীয় অঞ্চলৰ বিভিন্ন স্থানত খোৱাপানীৰ সমস্যা আছে (Drinking water problem in ADC area of Tripura)। সেয়ে জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ সৈতেও এই বিষয়ে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰে খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীয়ে ।
লগতে পঢ়ক :Road construction: নতুন প্ৰযুক্তিৰে ত্ৰিপুৰাত পথ নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ