ETV Bharat / bharat

ক’ভিডৰ সৈতে যুঁজিবলৈ সাজু ত্ৰিপুৰা চৰকাৰ: ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী - tripura governoment

ক’ভিডৰ নতুন ঢৌৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে ৷ এই আশ্বাস প্ৰদান কৰিছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ৷

Tripura ready to tackle Covid: Edu Minister
ক’ভিডৰ সৈতে যুঁজিবলৈ সাজু ত্ৰিপুৰা চৰকাৰ: ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী
author img

By

Published : Apr 18, 2021, 1:01 PM IST

আগৰতলা, 18 এপ্ৰিল: ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে ক’ভিডৰ নতুন ঢৌৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ শনিবাৰে কৰে এই মন্তব্য ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ৷ তেওঁ কয় যে, ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব জে.কে. সিনহাই ক’ভিড সন্দৰ্ভত দৈনিক ভিত্তিত হোৱা উন্নতিৰ নিৰীক্ষণ কৰি আছে আনহাতে যুটীয়া সচিব বিশাল কুমাৰক কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগৰ বাবে নোডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে ।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, স্বাস্থ্য বিভাগৰ মুখ্য সচিব জে.কে. সিনহাই ক’ভিড সন্দৰ্ভত দৈনিক ভিত্তিত হোৱা উন্নতিৰ নিৰীক্ষণ কৰি আছে আনহাতে যুটীয়া সচিব বিশাল কুমাৰক কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগৰ বাবে নোডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ মাজতে, ক’ভিড পৰিস্থিতিৰ বাবে লোৱা ব্যৱস্থাসমূহ পৰিচালনাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ মূল সমিতিয়ে শুকুৰবাৰে সচিবালয়ত এক বৈঠক অনুষ্ঠিত কৰে ৷ উক্ত বৈঠকত সাম্প্ৰতিক পৰ্যায়ত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যালোচনা, মূল্যাংকন আৰু পদক্ষেপ নিৰ্ধাৰণ কৰা হয় । স্বাস্থ্যবিভাগৰ প্ৰধান সচিব জে.কে. সিনহাই বৈঠকখনত সভাপতিত্ব কৰে ।

তেওঁ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে পৰিস্থিতিৰ সঠিক ব্যৱস্থাপনাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । বৈঠকত স্বাস্থ্য বিষয়াসকলো উপস্থিত থাকে । সংবাদমেল সম্বোধন কৰি নাথে কয় যে, ক’ভিড ৰোগীসকলৰ বাবে ৫০৯ খন সমৰ্পিত বিচনা আছে আৰু দুহেজাৰতকৈ অধিক বিচনা ৰখাৰ পদক্ষেপ লোৱা হৈছে । আনহাতে ৭.৭২ লাখ লোকক ইতিমধ্যে ক’ভিড প্ৰতিষেধকৰ প্ৰথম ড’জ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: বিজেপি-চিপিআইএমৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীক আক্ৰমণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.