ETV Bharat / bharat

ক'ভিডৰ তৃতীয় ঢৌ : শিশু চিকিৎসকসকলক সাজু কৰিছে ত্ৰিপুৰাই - ত্ৰিপুৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

ক'ভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ বাবে ত্ৰিপুৰাই ৰাজ্যখনৰ শিশু চিকিৎসকসকলক সাজু কৰি তুলিছে ৷ সাম্ভাৱ্য তৃতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ত্ৰিপুৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে(Tripura Health and Family Welfare Department) শিশু চিকিৎসকসকলৰ বাবে তীব্ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷ সাম্ভাৱ্য তৃতীয় ঢৌৰ আক্ৰমণত শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা ৷

third wave of covid
ক'ভিডৰ তৃতীয় ঢৌ
author img

By

Published : Sep 27, 2021, 8:40 PM IST

আগৰতলা , 27 ছেপ্টেম্বৰ : ক'ভিড-19 সৃষ্ট পৰিস্থিতি সম্পৰ্তি প্ৰায় নিয়ন্ত্ৰণাধীন অৱস্থাত থাকিলেও ক'ভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌক লৈ এতিয়াও আশংকা অব্যাহত আছে ৷ সাম্ভাৱ্য তৃতীয় ঢৌৰ সকলো দিশ বিবেচনা কৰি যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে(Tripura Health and Family Welfare Department) শিশু চিকিৎসাৰ সৈতে জড়িত চিকিৎসকসকলৰ বাবে ৰাজ্যজুৰি তীব্ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে ৷

স্বাস্থ্য বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে, কিছুমান সতৰ্কবাণী তথা ভৱিষ্যতবাণীৰ পৰা এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে যে, সাম্ভাৱ্য তৃতীয় ঢৌৱে আক্ৰমণ কৰিলে শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ৷ ক'ভিড আক্ৰান্তৰ গ্ৰাফডাল প্ৰায় স্থিৰ হোৱাৰ পাচত এই পৰ্যন্ত নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ কোনো লক্ষণ দেখা পোৱা নাই যদিও ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই সময়খিনি স্বাস্থ্য বিষয়াসকলক বিশেষকৈ শিশু ৰোগ বিভাগৰ বাবে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত পুৰুষৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

জানিব পৰা মতে, চিকিৎসক, স্বাস্থ্যসেৱা কৰ্মী আৰু অন্যান্য কৰ্মচাৰীসকলক pediatric Covid caseৰ ব্যৱস্থাপনা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ পৰিস্থিতিৰ মোকাবিলা যাতে মসৃণ হয়, সেই উদ্দেশ্যে বিশেষজ্ঞ সমল ব্যক্তিৰ দ্বাৰা তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, নৱেম্বৰৰ মাজভাগত তৃতীয় ঢৌৱে ৰাজ্যখনত আঘাত কৰাৰ সম্ভাৱনা আছে ৷ সেয়ে সকলোবোৰ এতিয়াৰে পৰা সাজু কৰি ৰখাৰ বাবে ৰাজ্যখনে প্ৰচেষ্টা হাতত লৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ৷

বিষয়াজনৰ মতে, সমগ্ৰ ৰাজ্যতে কোভিড আক্ৰান্তৰ হাৰ 5 শতাংশলৈ হ্ৰাস পাইছে আৰু নতুনকৈ আক্ৰান্তৰ সংখ্যাও যথেষ্ট কম ৷ ৰাজ্য চৰকাৰৰ দৈনিক ক'ভিড বুলেটিন অনুসৰি, মুঠ ৩,৬২১ টা পৰীক্ষাৰ ভিতৰত মাত্ৰ ২০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছিল আৰু ২৮ জন লোক ইতিমধ্যে সংক্ৰমণৰ পৰা আৰোগ্য হৈছে ৷ ৰাজ্যখনত আক্ৰান্তৰ হাৰ ০.৫৫ শতাংশলৈ হ্ৰাস পোৱাৰ পাচত বৰ্তমান মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২৬৫ জন ৷

লগতে পঢ়ক : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰছত অন্তৰ্কন্দল, বহু নেতাৰ দল ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.