ETV Bharat / bharat

টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা

author img

By

Published : May 12, 2021, 3:38 PM IST

টিপ্ৰা মথা আৰু ৰাজ্যিক শাসকীয় বিজেপি দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ সৃষ্টি হয় । এই সংৰ্ষত় দুয়োটা দলৰ পাঁচজনৰো অধিক কৰ্মী আহত হয় ।

TIPRA-BJP CLASH
টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত আহত কেবাজনো, কঠোৰ হৈছে নিৰাপত্তা ব্যৱস্থা

নেশ্যনেল ডেস্ক, ১২ মে': মঙলবাৰে টিপ্ৰা মথা আৰু ৰাজ্যিক শাসকীয় বিজেপি দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষৰ সৃষ্টি হয় । কল্যাণপুৰ উপ বিভাগৰ অন্তৰ্গত পশ্চিম কুঞ্জাবান ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিসদ (টিটিএএডিচি) গাঁৱতো উত্তেজনা বৃদ্ধি পায় । স্থানীয় ৰাইজে জনোৱা মতে, দুয়োটা দলৰ কৰ্মীয়ে সংঘৰ্ষত লিপ্ত হৈছিল আৰু পঞ্চায়তৰ কাৰ্যালয়ত কোনে দখল কৰিব তাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি কৰিছিল । টিটিএএডিচি নিৰ্বাচন শেষ হোৱাৰে পৰা টিপ্ৰা মথাৰ সমৰ্থকসকলে সকলো চৰকাৰী কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাক লৈ সংঘৰ্ষত লিপ্ত হৈছিল । এই সংঘৰ্ষক ক্ষমতাকেন্দ্ৰিক সংঘৰ্ষ বুলিও কোনো কোনোৱে মত পোষণ কৰে ।

প্ৰত্যক্ষদৰ্শীৰ মতে, বিজেপি সমৰ্থকৰ এটা বৃহৎ গোটে মঙলবাৰে গাঁৱখনত চলি থকা প্ৰকল্পৰ কাৰ্য-কলাপসমূহ পৰিদৰ্শন কৰিবলৈ উক্ত গাঁৱলৈ গৈছিল । কিন্তু, স্থানীয় টিপ্ৰা মথাৰ সমৰ্থকসকলে বিজেপি সমৰ্থকসকল গাঁও সমিতিৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হোৱাৰ পিছতে দুয়োটা দলৰ সমৰ্থকৰ মাজত তীব্ৰ তৰ্ক আৰম্ভ হয় । পৰৱৰ্তী সময়ত ই হিংসাত্মক ৰূপ লয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি, এই সংৰ্ষত় দুয়োটা দলৰ পাঁচজনৰো অধিক কৰ্মী আহত হয় । লগতে আচবাব, সঁজুলি আৰু অন্যান্য নথিপত্ৰও ধ্বংস হয় । যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক টিএছআৰ আৰু আৰক্ষী কৰ্মী মোতায়েন কৰা হয় ।

উল্লেখনীয় যে, বিগত সপ্তাহত গাঁৱৰ স্থানীয় লোকসকলে অতি শীঘ্ৰে এমজি এনৰেগাৰ মজুৰি মুকলি কৰাৰ দাবীত পঞ্চায়ত কাৰ্যালয়ত তলা বন্ধ কৰি দিছিল । যাৰ ফলত বিজেপি কৰ্মীসকলে স্থানীয় লোকসকলৰ পৰিস্থিতি বিষয়ে জানিবলৈ পঞ্চায়তলৈ গৈছিল ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীকৈ ৰোগীৰ, আটক ৭

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.