আগৰতলা, 27 এপ্ৰিল : আগৰতলা ৰে'ল ষ্টেচনত ত্ৰিপুৰা আৰক্ষীয়ে সোমবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ কৰিবলৈ সক্ষম হয় (Tripura Police seized a huge consignment of Phensedyl) । ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলা ৰে'লৱে সুৰক্ষা বলৰ লগত যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে ফেন্সিডাইলখিনি । পশ্চিমবংগৰ শিয়ালদাহৰ পৰা আগৰতলা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত কঢ়িয়াই অনা হৈছিল জব্দকৃত ফেন্সিডাইলখিনি (Phensedyl recovered from Kanchanjunga Expres)।
আগৰতলা জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত সেনে জানিবলৈ দিয়া অনুসৰি, ত্ৰিপুৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা বৃহৎ পৰিমাণৰ ফেন্সিডাইলখিনি সৰবৰাহৰ তথ্য লাভ কৰি আগৰতলা জিআৰপিৰ লগত যোগাযোগ কৰে ৷ ত্ৰিপুৰা আৰক্ষীৰ তথ্যৰ ভিত্তিত আগৰতলা জিআৰপিয়ে যুটীয়াভাৱে শিয়ালদাহৰ পৰা আগৰতলা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত অভিযান চলাই কফ চিৰাপৰ বটলখিনি জব্দ কৰে(Phensedyl seized from Kanchanjunga Express in Tripura) ৷
ত্ৰিপুৰা আৰক্ষী আৰু আগৰতলা ৰে'লৱে সুৰক্ষা বলৰ যুটীয়া দলটোৱে অভিযানৰ সময়ত প্ৰায় ১৬ কাৰ্টন ফেন্সিডাইল জব্দ কৰে(Phensedyl seized from Agartala Railway station) ৷ কাৰ্টনখিনিৰ ভিতৰত প্ৰায় চাৰি হাজাৰ কফ চিৰাপৰ বটল উদ্ধাৰ কৰা হয় ৷ অৱশ্যে অভিযানকাৰী দলটোৱে ফেন্সিডাইলখিনি সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল ৷ ত্ৰিপুৰা আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Foreign cigarette seized : ভাৰতীয় ডাক বিভাগৰ বাহনৰ পৰা জব্দ বিদেশী চিগাৰেট