ETV Bharat / bharat

Cannabis seized in Tripura: ত্ৰিপুৰাৰ চেপাহিজালা জিলাত জব্দ ২১৫ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা

author img

By

Published : Jan 28, 2022, 2:50 PM IST

ত্ৰিপুৰাত পুনৰ জব্দ নিষিদ্ধ গাঞ্জা । এইবাৰ চেপাহিজালা জিলাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২১৫ কিলোগ্ৰাম গাঞ্জা (Tripura Police seized cannabis)। ঘটনা সন্দৰ্ভত এজন লোকক আটক ।

Cannabis seized in Tripura
চেপাহিজালা জিলাত জব্দ ২১৫ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা

আগৰতলা,২৮ জানুৱাৰী : ত্ৰিপুৰাত অব্যাহত আছে ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহ । ইয়াৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলোৱাও দেখা গৈছে । বৃহস্পতিবাৰে আন এক অভিযানত ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২১৫ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা (Tripura Police seized cannabis)। ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

জানিব পৰা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চেপাহিজালা জিলাত বিশ্ৰানগঞ্জ আৰক্ষীয়ে তালাচী চলাইছিল । তালাচীৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথত PB-13-U-9843 নম্বৰৰ ট্ৰাকখনৰ পৰা গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে । গাঞ্জাখিনি বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ট্ৰাকখনৰ চালক খুচনুৰ আলমক আটক কৰিছে আৰক্ষীয়ে । বিশ্ৰামগঞ্জ আৰক্ষী থানা সম্প্ৰতি ট্ৰাক চালকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । বিশ্ৰামগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদিয়া দেব্বৰ্মাই জনোৱা মতে এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.