ETV Bharat / bharat

ৰক্তদানৰ জৰিয়তে মানৱীয় কাৰ্য সাধনৰ আহ্বান মন্ত্ৰী সুশান্ত চৌধুৰীৰ

author img

By

Published : Jan 3, 2022, 1:24 PM IST

দেওবাৰে ত্ৰিপুৰাৰ গ্ৰামীণ বেংকৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (46th foundation day of Tripura Grameen Bank) কৰা হয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি ৰক্তদান শিবিৰ মুকলি কৰে ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Tripura Minister stresses on humanitarian activities through blood donation) ৷

tripura-minister-stresses-on-humanitarian-activities-through-blood-donation
ত্ৰিপুৰাৰ গ্ৰামীণ বেংকৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আগৰতলা, 3 জানুৱাৰী : দেওবাৰে ত্ৰিপুৰাৰ গ্ৰামীণ বেংকৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস (46th foundation day of Tripura Grameen Bank) উপলক্ষে আগৰতলাত অনুষ্ঠিত কৰা হৈছিল এক ৰক্তদান শিবিৰ (Tripura Gramin Bank celebrates 46th foundation day) ৷ এই শিবিৰ মুকলি কৰে ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Tripura Minister stresses on humanitarian activities through blood donation) ৷ মন্ত্ৰীগৰাকীয়ে ৰক্তদানৰ দৰে মহৎ কাৰ্যৰ জৰিয়তে আন দহজনক অনুপ্ৰাণিত কৰা, উৎসাহিত কৰাৰ বাবে সকলোকে আহ্বান জনায় ৷

"ৰক্তদানে জীৱন ৰক্ষা কৰে ৷ আকৌ এবাৰ সকলো স্বেচ্ছাসেৱী সংগঠন, চৰকাৰী/বেচৰকাৰী সংগঠন আৰু সাধাৰণ ৰাইজক আগবাঢ়ি আহি ৰক্তদান কৰিবলৈ অনুৰোধ জনাইছো ৷ যাতে আমি যিকোনো ধৰণৰ আপাতকালীন পৰিস্থিতিত প্ৰয়োজন হোৱা তেজ ব্লাড বেংকবোৰত সঠিক মাত্ৰাত যোগান ধৰিব পাৰো" বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ ইয়াৰ বাবে সকলোৱে আগবাঢ়ি আহি স্বেচ্ছাই ৰক্তদান শিবিৰৰ আয়োজন কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

মন্ত্ৰী চৌধুৰীয়ে ৰক্তদানৰ জৰিয়তে জনসাধাৰণৰ কল্যাণমূলক কাৰ্যত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোকক অনুপ্ৰাণিত, উৎসাহিত কৰিবলৈ আহ্বান জনায় ৷

ত্ৰিপুৰা গ্ৰামীণ বেংক (Tripura Gramin Bank) ৰ কৰ্মচাৰীসকলে আয়োজন কৰা ৰক্তদান শিবিৰটোত স্বেচ্ছাই ৰক্তদান কৰা আৰু ৰক্তদান কৰিবলৈ পঞ্জীয়ন কৰা সকলোকে মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

বেংকটোৰ সঞ্চালক মহেন্দ্ৰ মোহন গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে, বেংকটোৱে ত্ৰিপুৰাৰ কৃষিৰ বিকাশ, গ্ৰাম্য অৰ্থনীতি আৰু সামাজিক কাৰ্যকলাপ শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ বেংকৰ সকলো কৰ্মচাৰী, ডিভাইন টাচ্চ, সকলো সংবাদ মাধ্যমক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

উক্ত ৰক্তদান শিবিৰত মুঠ ৪৩ গৰাকী লোকে ৰক্তদান কৰে ৷ ইয়াৰোপৰি 47 গৰাকী লোকে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছিল ৷

লগতে পঢ়ক : কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.