ETV Bharat / bharat

আগৰতলাৰ জনবহুল বজাৰসমূহ মুকলি স্থানলৈ স্থানান্তৰ কৰা হ'ব - west tripura district dm

মহামাৰী সন্দৰ্ভত কঠোৰ হৈছে ত্ৰিপুৰা প্ৰশাসন । জন সমাগম হ্ৰাস কৰাৰ উদ্দেশ্যে জিলাখনৰ সকলো বজাৰ মুকলি ঠাইলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে । যাৰ জৰিয়তে ক্ৰেতা আৰু বিক্ৰেতাসকলৰ ক'ভিড প্ৰট'কল পালন কৰাত সুবিধা হ'ব ।

আগৰতলাৰ জনবহুল বজাৰসমূহ মুকলি স্থানলৈ স্থানান্তৰ কৰা হ'ব

author img

By

Published : Apr 27, 2021, 3:23 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল: ক'ভিড মহামাৰীয়ে সকলোতে দেশৰ সকলো ৰাজ্যকে প্ৰভাৱান্বিত কৰিছে । যাৰ বাবে প্ৰতিখন ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনে বিভিন্ন ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে । ত্ৰিপুৰা প্ৰশাসনো এই ক্ষেত্ৰত কঠোৰ হৈছে । কৰ'ণা পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে জিলা দণ্ডাধীশৰ কাৰ্যালয়ত ব্যৱসায়ী আৰু অন্যান্য বাণিজ্যিক সংগঠনৰ লগত এক বৈঠকৰ আয়োজন কৰা হয় ।

বৈঠকৰ পিছতে পশ্চিম ত্ৰিপুৰা জিলাৰ দণ্ডাধীশ শৈলেশ কুমাৰৰ বিশেষ ঘোষণা । জন সমাগম হ্ৰাস কৰাৰ উদ্দেশ্যে জিলাখনৰ সকলো বজাৰ মুকলি ঠাইলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে । যাৰ জৰিয়তে ক্ৰেতা আৰু বিক্ৰেতাসকলৰ ক'ভিড প্ৰট'কল পালন কৰাত সুবিধা হ'ব ।

দণ্ডাধীশগৰাকীৰ মতে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । ক'ভিড-১৯ প্ৰট'কলক কঠোৰভাৱে পালন কৰা আৰু সকলো স্তৰতে সামাজিক দূৰত্ব পালন কৰা আদি আলোচনাৰ মূল বিষয় আছিল । লগতে কোৱা হৈছে যে এবাৰত মাত্ৰ এজন ব্যক্তিয়েহে দোকানৰ ভিতৰত প্ৰৱেশ কৰি বজাৰ কৰিবলৈ অনুমতি দিব লাগে । ইফালে ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো পৰীক্ষা, টীকাকৰণ আদিৰ বাবে সজাগ কৰা আৰু যিমান দূৰ সম্ভৱ তেওঁলোকক সেইবোৰ উপলব্ধ কৰোৱা ।

তেওঁ লগতে সংবাদ মাধ্যমক জনায় যে প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ স্বেচ্ছাসেৱক নিযুক্ত কৰা হ'ব । প্ৰশাসনক সহায় কৰিবলৈ নিয়োজিত থকা সকলৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা এখন বৈধ পৰিচয় পত্ৰ জাৰী কৰা হ'ব । মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দলবোৰ তাত থাকিব । ইফালে সোনকালে ব্যৱসায়ী সকলক টীকাকৰণ কৰা হ'ব বুলিও এই বৈঠকত আশ্বাস প্ৰদান কৰা হয় ।

লগতে পঢ়ক:দিল্লীত উপস্থিত হ'ল প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.