ETV Bharat / bharat

Russia Ukraine War: যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ ত্ৰিপুৰাৰ 32 গৰকী শিক্ষাৰ্থী - 32 students from Tripura stranded in Ukraine

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine War)। ইয়াৰ মাজতে ভাৰতৰ আন আন ৰাজ্য়ৰ লগতে ত্ৰিপুৰাৰো 32 জন ভয়াবহ স্মৃতি লগত লৈ ত্ৰিপুৰাৰ নিজ গৃহত উপস্থিত হৈছে কেবাগৰাকী শিক্ষাৰ্থী ৷

tripura-identifies-32-students-studying-in-ukraine
যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ ত্ৰিপুৰাৰ 32 গৰকী শিক্ষাৰ্থী
author img

By

Published : Mar 1, 2022, 7:33 PM IST

আগৰতলা, 1 মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশে অগ্ৰসৰ হৈছে (Russia Ukraine War) । এনে পৰিস্থিতিত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্য সচিব কুমাৰ আলোকে (Tripura Chief Secretary Kumar Alok) মঙলবাৰে এক টুইটাৰযোগে জনায় যে, যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত ত্ৰিপুৰাৰ প্ৰায় 32 জন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে (32 students from Tripura stranded in Ukraine) ৷

লগতে ইউক্ৰেইনত আৱদ্ধ ত্ৰিপুৰাৰ শিক্ষাৰ্থীকেইগৰাকীক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে কৰা বিস্তৃত ব্যৱস্থাৰ বিষয়ে তেওঁলোকক অৱগত কৰিবলৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে সংশ্লিষ্ট জিলা প্ৰশাসনৰ দ্বাৰা যোগাযোগ কৰা হৈছে বুলিও জনায় ত্ৰিপুৰাৰ মুখ্য সচিবগৰাকীয়ে ৷

মুখ্য সচিবগৰাকীয়ে জনোৱা তথ্য অনুসৰি, ত্ৰিপুৰাৰ উত্তৰ জিলাৰ চাৰিগৰাকী শিক্ষাৰ্থী ইউক্ৰেইনত অধ্যয়ন কৰি আছিল ৷ এই চাৰিজনৰ ভিতৰত এজন ছাত্ৰ ইতিমধ্যে শিলচৰত উপস্থিত হৈছে (Tripura student stranded in Ukraine to arrive India ) ৷ বাকী থকা তিনিজনৰ দুজন কিয়েভৰ মেট্ৰ’ ষ্টেচনত আৰু এজন ৰোমানিয়াত সুৰক্ষিত অৱস্থাত আছে বুলি জনায় মুখ্য সচিবগৰাকীয়ে ৷

লগতে ইউক্ৰেইনত থকা ত্ৰিপুৰাৰ গোমতী জিলাৰ দুজন শিক্ষাৰ্থীৰ ভিতৰত এজন ইতিমধ্যে নিজ ৰাজ্যত উপস্থিত হৈছে ৷ বাকী থকা এজন ছাত্ৰ হাংগেৰী অভিমুখে আহি থকা ৰে’লত উঠিছে বুলি জনায় সচিবগৰাকীয়ে ৷

লগতে পঢ়ক : ইউক্ৰেইনত নিহত নবীনৰ বন্ধুৱে দিলে শিহণৰণকাৰী বৰ্ণনা

আনহাতে, ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ তিনিজন শিক্ষাৰ্থীৰ ভিতৰত এজন শ্লোভাকিয়াত উপস্থিত হৈছে আৰু আন এজন ইটালীত উপস্থিত হৈছে ৷ লগতে এজন এতিয়াও সুৰক্ষিত অৱস্থাত ইউক্ৰেইনত আৱদ্ধ হৈ আছে বুলিও জনায় সচিবগৰাকীয়ে (Tripura students trapped in Ukraine) । ইফালে ধলাই জিলাৰ দুজন শিক্ষাৰ্থী ইউক্ৰেইনত আছিল ৷ তেওঁলোক দুয়োজনে সম্প্ৰতি সীমান্ত অতিক্ৰম কৰি ৰোমানিয়াত উপস্থিত হৈছে এই টুইটাৰত জনায় মুখ্য সচিবগৰাকীয়ে ।

ইয়াৰোপৰি, খোৱাই জিলাৰ এজন শিক্ষাৰ্থী অতিশীৰ্ঘ্ৰই ভাৰতত উপস্থিত হ’ব বুলিও জনায় সচিবগৰাকীয়ে ৷ লগতে দক্ষিণ জিলাৰ আঠজন শিক্ষাৰ্থীকেইগৰাকীৰ ভিতৰত এজন ছাত্ৰ ত্ৰিপুৰাত উপস্থিত হৈছে ৷ বাকী সাতজন শিক্ষাৰ্থী ইতিমধ্যে ভাৰত অভিমুখে ৰাওনা হৈছে বুলিও জনায় ত্ৰিপুৰাৰ মুখ্য সচিব কুমাৰ আলোকে ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে (Chief minister of Tripura Biplab Kumar Deb) বিগত 25 ফেব্ৰুৱাৰীত ইউক্ৰেইনত আৱদ্ধ হৈ থকা তেওঁলোকৰ সন্তান সুৰক্ষিতভাৱে নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ আশা কৰা পিতৃ-মাতৃৰ আবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন পত্ৰ লিখিছিল । ইয়াৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলে প্ৰতিজন শিক্ষাৰ্থীৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লৈছে ৷

লগতে পঢ়ক : Russia Ukraine War : যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ অসমৰ ১৬০ গৰকী লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.