নেশ্যনেল ডেস্ক,২৬ মাৰ্চ: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন । কিন্তু কৰ’ণাৰ শেহতীয়া পৰিস্থিতিৰ বাবে ফাকুৱা উদযাপনকলৈ এতিয়া মানুহৰ মাজত পূৰ্বৰ দৰে ব্যস্ততা নাই । ইয়াৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত কৰ'ণাই জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে ফাকুৱা উদযাপন নিষিদ্ধ কৰা হৈছে । তাৰ মাজতে একাংশ ঠাইত আৰম্ভ হৈছে ফাকুৱা উদযাপনৰ প্ৰস্তুতি ।
ত্ৰিপুৰাতো আৰম্ভ হৈছে ফাকুৱাৰ প্ৰস্তুতি । ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ বজাৰ ভৰিছে ভিন্ন ৰঙীন আবিৰেৰে। বিগত বছৰত কৰ'ণা মহামাৰীৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল ব্যৱসায়ীসকল । এইবাৰো কিছু কিছু অঞ্চলত মহামাৰীয়ে নতুনকৈ সংক্ৰমণ আৰম্ভ কৰিছে যদিও পূৰ্বৰ বছৰতকৈ ব্যৱসায় ভাল হোৱাৰ আশা কৰিছে ব্যৱসায়ীসকলে । প্ৰতিখন বিপনী ভৰি পৰিছে ভিন্ন ৰঙৰ আবিৰ, ফিছকাৰী আদিৰে ।
ইয়াৰ মাজতে ত্ৰিপুৰাৰ বজাৰ কিছু ব্যতিক্ৰম দেখা গৈছে । এইবাৰ ব্যৱসায়ীসকলে বিপনীত প্ৰাকৃতিক আবিৰসমূহ ৰাখিছে । ৰাসায়নিক ৰঙৰ পৰা যিহেতু বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে সেয়ে বজাৰত ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক পদাৰ্থৰে নিৰ্মিত ৰঙৰহে পয়োভৰ দেখিবলৈ পোৱা গৈছে । ব্যৱসায়ীসকলে কোৱা মতে সচৰাচৰ এই প্ৰাকৃতিক ৰঙবোৰ ফুল,গছৰ পাত আদি সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা হয় সেয়ে এইবোৰৰ কিছুমান গুণাগুণো থাকে ।
লগতে পঢ়ক:টকাৰে মিত্ৰজোঁটৰ একতা ভংগ কৰিব নোৱাৰেঃ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন