নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাই চৰম পৰ্যায় পাইছে । আগৰতলাত যোৱা ৮ ছেপ্টেম্বৰত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে লণ্ডভণ্ড কৰিছিল ত্ৰিপুৰাস্থিত চিপিআইএমৰ দলীয় কাৰ্যালয় আৰু সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় । লগতে অংগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।
এই ঘটনা সন্দৰ্ভত আৰক্ষী নিষ্ক্ৰিয় হৈ থকাৰ অভিযোগ তুলি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় বাওঁপন্থী নেতা হৰিপদ দাস । মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে সোমবাৰে হৰিপদ দাসে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰথম শুনানি গ্ৰহণ কৰি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত উত্তৰ বিচাৰি ত্ৰিপুৰা চৰকাৰলৈ এখন জাননী জাৰি কৰে । এই গোচৰত আবেদনকাৰীৰ পক্ষত থকা অধিবক্তা ৰাজশ্ৰী পুৰকায়স্থই এই কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, যোৱা ৮ ছেপ্টেম্বৰত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু চি পি আই এমৰ দলীয় কাৰ্যালয়বোৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ।
বাতৰি কাকতৰ এটা কাৰ্যালয়ো উদণ্ড লোকৰ দলটোৱে লণ্ডভণ্ড কৰে । কিন্তু ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ তুলিছে বাওঁপন্থী নেতাগৰাকীয়ে ।
উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এটা বিশেষ তদন্তকাৰী দল গঠন কৰি এই ঘটনা তদন্ত কৰিবলৈ হৰিপদ দাসে আবেদনখনৰ জৰিয়তে উচ্চ ন্যায়ালয়ক আহ্বান জনাইছে । আদালতে সোমবাৰে প্ৰথম শুনানিৰ গ্ৰহণ কৰি ৪ অক্টোবৰৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে । আনহাতে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে চিপিআইএমৰ জ্যেষ্ঠ নেতা তথা দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে যে, ত্ৰিপুৰাত চিপিআইএমে হিংসা বিয়পাই আহিছে ।
ৰাজনৈতিক হিংসা সন্দৰ্ভত য়েচুৰীয়ে কৰা এটা টুইটৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, যোৱা তিনি বছৰত কেৱল হিংসাত্মক ঘটনা হ্ৰাস পাইছে । ২০১৭ চনত চি পি এমৰ শাসনকালত ৰাজনৈতিক হিংসাৰ ঘটনাৰ সংখ্যা আছিল ৭৫টা আৰু ভুক্তভোগী আছিল ১৭৫ গৰাকী । মাত্ৰ ৩ বছৰত এই ঘটনা ২২টালৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । লগতে ভুক্তভোগীৰ সংখ্যা ৫১ জনলৈ হ্ৰাস পাইছে বুলিও টুইটযোগে জানিবলৈ দিছে ।
লগতে পঢ়ক:World Alzheimer's Day 2021 : আলঝেইমাৰৰ বিষয়ে জানো আহক