ETV Bharat / bharat

কোনো লোককে ন্যায় প্ৰদান প্ৰণালীৰ পৰা বাদ দিয়া উচিত নহয় : ন্যায়াধীশ এ এ কুৰেশী - ন্যায়পালিকাত প্ৰযুক্তিগত উন্নতি

সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে ন্য়ায়ালয়ৰ পৰা ন্যায় লাভ কৰা উচিত । কোনো লোকেই এই ন্যায় প্ৰদান ব্যৱস্থাৰ পৰা বাদ দিয়া উচিত নহয় । সোমবাৰে পশ্চিম ত্ৰিপুৰা জিলা আদালতৰ ই-সেৱা কেন্দ্ৰৰ উদ্বোধন কৰি এই মন্তব্য কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশীয়ে ।

Tripura
ত্ৰিপুৰা জিলা আদালতৰ ই-সেৱা কেন্দ্ৰৰ উদ্বোধন
author img

By

Published : Sep 14, 2021, 7:54 PM IST

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : সোমবাৰে পশ্চিম ত্ৰিপুৰা জিলা আদালতৰ ই-সেৱা কেন্দ্ৰৰ উদ্বোধন কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশীয়ে । তেওঁ কয় যে, ন্যায় প্ৰদান ব্যৱস্থাৰ পৰা কোনো লোককে বাদ দিয়া উচিত নহয় । এই সন্মানীয় ব্যৱস্থাৰে জড়িত সহায়ক কৰ্মচাৰী, উকীল অথবা ন্যায়াধীশ সকলোকে জনতাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ এক সামূহিক প্ৰচেষ্টা আগবঢ়াৱলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে, প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰ নজনা লোক এই সেৱাৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে ।

সেয়ে, এই সমগ্ৰ ব্যৱস্থাটো চোৱাচিতা কৰি থকা লোকসকলে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে । কিয়নো, এই লোকসকলে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰিলেহে ই-সেৱা কেন্দ্ৰ মুকলি কৰাৰ উদ্দেশ্য সাৰ্থক হ'ব । এই ক্ষেত্ৰত ন্যায়াধীশ, উকীল আৰু সহায়ক কৰ্মচাৰীসকলে তেওঁলোকৰ ভূমিকা পালন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । দূৰণিৰ পৰা কেৱল ন্যায় লাভৰ আশাত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা লোকসকলৰ সমস্যাবোৰ শীঘ্ৰে সমাধান কৰাত গুৰুত্ব দিব লাগে বুলি মুখ্য ন্যায়াধীশে মন্তব্য কৰে ।

ন্যায়াধীশ কুৰেশীয়ে ন্যায়পালিকাত প্ৰযুক্তিগত উন্নতি সন্দৰ্ভতো বক্তব্য আগবঢ়ায় । লগতে ক'ভিডৰ সংক্ৰমণ অব্যাহত থকা সময়ত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ কাম-কাজৰ প্ৰণালী সন্দৰ্ভতো তেওঁ মতামত আগবঢ়ায় । তেওঁ কয় যে, প্ৰতিটো সম্ভাৱনাৰ নেতিবাচক দিশ আছে ।

ক'ভিড-১৯ হৈছে এক ভয়াৱহ সমস্যা, যি লাখ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে । ভাৰ্চুৱেল মাধ্যমেৰে গ্ৰহণ কৰা শুনানি প্ৰক্ৰিয়াৰ প্ৰসংগ উত্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, ন্যায়পালিকাই মহামাৰীসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল । ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰা হ'লে ন্য়ায়পালিকাত প্ৰযুক্তিগত উন্নতি মাত্ৰ কেইমাহমানৰ ভিতৰতে সম্ভৱ হৈ নুঠিল হেতেন বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, মহামাৰীৰ সংক্ৰমণ বেছি হোৱাৰ সময়চোৱাত মাত্ৰ ৩০-৪০ শতাংশ অধিবক্তাই শাৰীৰিক শুনানিৰ বাবে আদালতত উপস্থিত হৈছিল ।

পিছলৈ প্ৰায় সংখ্যক অধিবক্তাই ভাৰ্চুৱেল মাধ্যমেৰে শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশ লৈছিল । তেওঁ কয় যে, মানুহে ন ন পদ্ধতি অৱলম্বন কৰিছে আৰু এতিয়া এনে পদ্ধতি ব্যৱহাৰত অভ্যস্ত হৈ পৰিছে । অনুষ্ঠানটিত ন্যায়াধীশ কুৰেশীৰ সৈতে তেওঁৰ সহকৰ্মী ন্যায়াধীশ অৰিন্দম লোধ, ন্যায়াধীশ সুভাষীশ তালাপাত্ৰ আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায় উপস্থিত থাকে ।

লগতে পঢ়ক:অযোধ্যা বিবাদ বিজেপিৰ মতে সমাধান কৰা হ'লে লাখ লাখ লোকৰ মৃত্যু হ'লহেঁতেন: AAP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.