ETV Bharat / bharat

Omicron cases in India: জানুৱাৰীৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব ত্ৰিপুৰা চৰকাৰে - ভাৰততো অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি

ভাৰতৰ কেইবাখনো ৰাজ্যত অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে (Omicron cases in India)। অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে ত্ৰিপুৰা চৰকাৰ । জানুৱাৰীৰ পৰা পুনৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হ'ব ৰাজ্যখনত । ফেব্ৰুৱাৰীৰ ভিতৰত জিনোম চিকুৱেঞ্চিং পৰীক্ষাৰ বাবে জিবি পেণ্ট চিকিৎসালয়ত ৰাজ্য চৰকাৰে এটা যন্ত্ৰ স্থাপন কৰিব ।

Omicron cases in India
জানুৱাৰীৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব ত্ৰিপুৰা চৰকাৰে
author img

By

Published : Dec 25, 2021, 7:48 PM IST

আগৰতলা,২৫ ডিচেম্বৰ : সমগ্ৰ বিশ্বত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ভাৰততো অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি হৈছে (Omicron cases in India)। যাৰ বাবে প্ৰতিখন ৰাজ্যকে এই ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰই আহ্বান জনাইছে ।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় ইতিমধ্যে অ'মিক্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ত্ৰিপুৰা চৰকাৰ । এতিয়ালৈ ৰাজ্যখনত অ'মিক্ৰণত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই যদিও চৰকাৰে আগতীয়াকৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । জানিব পৰা মতে ফেব্ৰুৱাৰীৰ ভিতৰত অ'মিক্ৰণ ভাইৰাছ চিনাক্ত কৰিবলৈ সম্পূৰ্ণ জিনোম চিকুৱেঞ্চিং (WGS) পৰীক্ষাৰ বাবে এটা যন্ত্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ।

সংবাদমেল সম্বোধন কৰি ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে শনিবাৰে পুৱা মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে আন মন্ত্ৰী, মুখ্য সচিব আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পাছতে অ'মিক্ৰণৰ সংক্ৰমণ সন্দৰ্ভত এই পৰ্যালোচনা বৈঠকৰ আহ্বান জনোৱা হৈছিল । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ভয়ৰ কোনো কাৰণ নাই কাৰণ ৰাজ্যখনত এতিয়ালৈ অ'মিক্ৰণত আক্ৰান্ত এজনো ৰোগী চিনাক্ত হোৱা নাই ।

তেওঁ জনোৱা মতে ত্ৰিপুৰালৈ প্ৰায় ৬৯ গৰাকী ব্যক্তি বিদেশৰ পৰা আহিছিল । তেওঁলোকৰ ভিতৰত ৩৩ গৰাকীৰ নমুনা সংগ্ৰহ কৰি অ'মিক্ৰণ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । তাৰ ভিতৰত ৩১ গৰাকীৰ ফলাফল নিগেটিভ পোৱা গৈছে আৰু বাকী দুগৰাকীৰ ফলাফল এতিয়ালৈ অহা নাই ।

তেওঁ জনোৱা মতে, ৰাজ্যখনত অ'মিক্ৰণৰ জিনোম চিকুৱেঞ্চিং পৰীক্ষাৰ কোনো ব্যৱস্থা নাই । যাৰ বাবে বৰ্তমান পশ্চিমবংগৰ ৰাষ্ট্ৰীয় জৈৱিক আৰু আণৱিক অধ্যয়ন প্ৰতিষ্ঠানলৈ নমুনাবোৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ফেব্ৰুৱাৰীৰ ভিতৰত জিনোম চিকুৱেঞ্চিং পৰীক্ষাৰ বাবে জিবি পেণ্ট চিকিৎসালয়ত ৰাজ্য চৰকাৰে এটা যন্ত্ৰ স্থাপন কৰিব (WGS testing machine will install in Tripura)।

মন্ত্ৰীগৰাকীৰ মতে ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত আন্তঃগাঁথনি থকাৰ বাবেই তেওঁলোকে অ'মিক্ৰণৰ সৈতে যুঁজিবলৈ সক্ষম হৈছে । কিন্তু ৰাইজক ক'ভিড বিধি সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে । আনহাতে এই ক্ষেত্ৰত ৰাইজ সজাগ নহ'লে অহা ১ জানুৱাৰীৰ পৰা ৰাজ্যখনত ক'ভিডৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও (Tripura govt will take strict measures on Covid) ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.