ETV Bharat / bharat

আনাৰস আৰু কঁঠালক জৈৱিক প্ৰমাণপত্ৰ প্ৰদানৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ - tripura government

ত্ৰিপুৰাৰ আনাৰস আৰু কঁঠাল ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈও ৰপ্তানি কৰা হৈছে । সুস্বাদু ফল দুবিধৰ বাবে বিশ্বজুৰি এক প্ৰকাৰ বিশেষ পৰিচয় লাভ কৰিছে ত্ৰিপুৰা ৰাজ্যখনে । সেয়ে ৰাজ্যখনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগেও বিভিন্ন ধৰণে কৃষকসকলক উৎসাহিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ।

tripura government tries to provide organic certificates to pineapples and jackfruit
আনাৰস আৰু কঁঠালক জৈৱিক প্ৰমাণপত্ৰ প্ৰদানৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ
author img

By

Published : Jun 15, 2021, 3:22 PM IST

আগৰতলা, ১৫ জুন: ত্ৰিপুৰাৰ আনাৰস আৰু কঁঠাল ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈও ৰপ্তানি কৰা হৈছে । সুস্বাদু ফল দুবিধৰ বাবে বিশ্বজুৰি ৰাজ্যখনে এক প্ৰকাৰ বিশেষ পৰিচয় লাভ কৰিছে । সেয়ে, ৰাজ্যখনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগেও বিভিন্ন ধৰণে কৃষকসকলক উৎসাহিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ৰাজ্যখনৰ কৃষিমন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি এই কথা সদৰী কৰিছে যে, ৰাজ্যখনত উৎপাদিত আনাৰস আৰু কঁঠালৰ বাবে জৈৱিক প্ৰমাণপত্ৰৰ মাপকাঠি পূৰণৰ বাবে চিন্তা চৰ্চা অব্যাহত আছে । মন্ত্ৰীগৰাকীৰ মতে, জৈৱিক প্ৰমাণপত্ৰৰ(organic certified) প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই যথেষ্ট পৰিমাণে উপকৃত হ'ব ৰাজ্যৰ কৃষকসকল ।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, কৃষকসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ সাংবাদিকৰ সন্মুখত উল্লেখ কৰা মতে, ৰাণী প্ৰকাৰৰ আনাৰস এতিয়া ত্ৰিপুৰাৰ পৰিচয় । ত্ৰিপুৰাৰ পৰা বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈও ৰপ্তানি হয় এই আনাৰস । গুণগত মানদণ্ডৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত বিক্ৰী হৈছে ত্ৰিপুৰাৰ আনাৰস ।

আনহাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰ অতি কম বাবে এই শস্যবোৰ জৈৱিক প্ৰমাণপত্ৰৰ বাবে উপযুক্ত বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । আনাৰসৰ উপৰিও কঁঠালবোৰ সমানে মূল্যৱান আৰু বৃহৎ পৰিমাণৰ ভূমিত উৎপাদন কৰা হয়। সেয়ে এই দুবিধ খেতিক জৈৱিক প্ৰমাণিত কৰাৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

কৃষিমন্ত্ৰী গৰাকীৰ মতে, ত্ৰিপুৰাৰ আনাৰস আৰু কঁঠাল ক্ৰয় কৰিবলৈ আগ্ৰহী কৃষক আৰু কোম্পানীবোৰৰ মাজত বজাৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ কেইবাটাও কৃষক উৎপাদক কোম্পানী গঠন কৰা হৈছে । কৃষকসকলে এই কৃষক উৎপাদক কোম্পানীবোৰৰ জৰিয়তে তেওঁলোকৰ শস্য ৰপ্তানিকৰ্তা আৰু আগ্ৰহী কোম্পানীবোৰক পোনপটীয়াকৈ বিক্ৰী কৰি আছে । যদিও ক'ভিডে যথেষ্ট পৰিমাণে বিপণন প্ৰক্ৰিয়া বন্ধ কৰি দিছে, ক্ৰমান্বয়ে বজাৰবোৰো মুকলি হ'ব ধৰিছে ।

মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক পৰম্পৰাগতভাৱে খেতি কৰা শস্য যেনে কঁঠাল আৰু আনাৰসৰ ওপৰত বিশেষ উৎসাহ যোগোৱাৰ বাবে প্ৰশংসা কৰে যি ৰাজ্যৰ কৃষকসকলৰ বাবে অত্যন্ত উৎসাহজনক ফলাফল হিচাপে দেখা গৈছে । তেওঁ লগতে কয় যে, ত্ৰিপুৰাৰ পৰা কঁঠালৰ প্ৰথমটো ৰপ্তানি ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ।

লগতে পঢ়ক:ব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.