আগৰতলা,9 জুন : কৃষকৰ পৰা 20,000 হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ এই ধান কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব ত্ৰিপুৰা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ ইতিমধ্যে এই লক্ষ্যৰে ৰাজ্যখনৰ গোমতী জিলাৰ অন্তৰ্গত উদয়পুৰ আৰু চেপাহিজালা জিলাৰ অন্তৰ্গত সোণামুৰাত দুটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে ত্ৰিপুৰা খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷
এই সন্দৰ্ভত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, ৰাজ্যখনত ধান ক্ৰয় অভিযান অব্যাহত আছে ৷ এইবাৰ কৃষকৰ পৰা পোনপটীয়াকৈ 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিধাৰণ কৰা হৈছে ৷ যোৱা বছৰত 60,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল বুলি কয় মন্ত্ৰী মনোজ কান্তি দেৱে ৷
'কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিছে । এসময়ত এক কুইণ্টল ধান ১,০০০ টকাত বিক্ৰী হৈছিল আৰু এতিয়া ইয়াৰ মূল্য ১,৮৬৮ টকা লাভ কৰিছে কৃষকে ৷ কৃষকসকলে আগৰ মূল্যৰ প্ৰায় দুগুণ লাভ কৰিছে । এইটো ত্ৰিপুৰা চৰকাৰৰ এটা ডাঙৰ সাফল্য' ৷ সাংবাদিকৰ আগত এইদৰে কয় মন্ত্ৰী মনোজ কান্তি দেৱে ৷
উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ছ'চিয়েল মিডিয়াৰ এক আপডেটৰ জৰিয়তে চৰকাৰে ধান ক্ৰয়ৰ বাবে ৩৭.৩৬ কোটি টকা ব্যয় কৰা কৰা কথা উল্লেখ কৰিছে ৷
লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও