ETV Bharat / bharat

Fine for not wearing masks: ত্ৰিপুৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা - ত্ৰিপুৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা

ত্ৰিপুৰাত পুনৰ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্য়া (Covid infection increases in Tripura)। সেইবাবে প্ৰশাসনে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । আশ্চৰ্যকৰ কথা এয়ে যে, প্ৰশাসনে সজাগতা সৃষ্টি কৰাৰ পিছতো মাস্ক পৰিধান নকৰা লোকৰ সংখ্য়াই অধিক পৰিলক্ষিত হৈছে । সেয়েহে এনে লোকৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা আৰম্ভ কৰিছে প্ৰশাসনে ।

ত্ৰিপুৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা
Tripura Administration fined for not wearing masks: ত্ৰিপুৰাত মাস্ক পৰিধান নকৰাক জৰিমনা
author img

By

Published : Jul 25, 2022, 6:43 PM IST

আগৰতলা,২৫ জুলাই: ত্ৰিপুৰাত পুনৰ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্য়া (Covid infection increases in Tripura)। সেইবাবে প্ৰশাসনে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । আশ্চৰ্যকৰ কথা যে, প্ৰশাসনে সজাগতা সৃষ্টি কৰাৰ পিছতো মাস্ক পৰিধান নকৰা লোকৰ সংখ্য়া অধিক হোৱা পৰিলক্ষিত হৈছে । সেয়েহে এনে লোকৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা আৰম্ভ কৰিছে প্ৰশাসনে ।

আগৰতলাৰ সদৰ প্ৰশাসনৰ ডিচিএম দেৱব্ৰত ৰয়ে কয় যে, সোমবাৰৰ পৰা মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহা হৈছে (Fine for not wearing mask)। তেওঁ কয়, ‘‘সদৰ প্ৰশাসনৰ পৰা মাস্ক পৰিধান অভিযান আৰম্ভ কৰিছোঁ । নিৰ্দেশনা অনুসৰি সকলোৱে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বেই মাস্ক পিন্ধিব লাগিব । কিয়নো ক'ভিডত আক্ৰান্তৰ সংখ্য়া পুনৰ বৃদ্ধি পাইছে । সোমবাৰে আমি মাস্ক পৰিধান নকৰাৰ বাবে আঠজন লোকক জৰিমনা বিহিছোঁ । অনাগত দিনতো এই অভিযান অব্যাহত থাকিব’’ ।

ইফালে, যোৱা 24 ঘণ্টাত ৰাজ্য়খনত আৰু এজন লোকৰ ক'ভিডত মৃত্যু হৈছে । তদুপৰি 446 গৰাকীয়ে ক'ভিড পৰীক্ষাত সংক্ৰমণ হোৱা বুলি সদৰি কৰিছে স্বাস্থ্য় বিভাগে ।

স্বাস্থ্য় বিভাগৰ সূত্ৰ অনুসৰি 3,673গৰাকীৰ নমুনা পৰীক্ষা কৰাৰ পিছত 446 গৰাকীৰ সংক্ৰমণ ধৰা পৰে । এইবাৰ ৰাজ্য়খনৰ দক্ষিণৰ জিলাত পশ্চিমৰ জিলাতকৈ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে । সূত্ৰ অনুসৰি পশ্চিম জিলাত 110 গৰাকী সংক্ৰমিত হৈছে । আনহাতে, চেপাহিজালা জিলাত 39, খোৱাই জিলাত 12, গোমতী জিলাত 53, দক্ষিণ জিলাত 115, ধলাই জিলাত 35, উত্তৰকোটি জিলাত 38 গৰাকী লোক সংক্ৰমিত হৈছে । এই ৰোগৰ পজিটিভৰ হাৰ ১২.১৪ শতাংশলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:Bengal SSC Scam: জব্দকৃত বৃহৎ পৰিমানৰ ধন পৰিবহনৰ বাবে RBI ৰ সহায় বিচাৰিলে ED য়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.