ETV Bharat / bharat

ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ - কমলপুৰ আৰক্ষী বিষয়া সাব্যসাচী দেৱনাথ

বুধবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল ত্ৰিপুৰা (Tense situation in Tripura) ৷ বিজেপি সমৰ্থিত একাংশ প্ৰাৰ্থীয়ে চিপিআই(এম)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে ত্ৰিপুৰাৰ কমলপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷

ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M) ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ

author img

By

Published : Jun 2, 2022, 8:03 AM IST

ত্ৰিপুৰা, 2 জুন : ত্ৰিপুৰাত নিৰ্বাচন কেন্দ্ৰীক সংঘাত (Election oriented conflict in Tripura) ৷ বুধবাৰে একাংশ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে চিপিআই(এম)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে ত্ৰিপুৰাৰ চিপিআই(এম)ৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে ৷

আনকি এই ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰ চিপিআই(এম)ৰ সম্পাদকগৰাকীয়ে ত্ৰিপুৰা মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে এক অভিযোগ পত্ৰও (Tripura CPI M files complaint against BJP) ৷ এই অভিযোগ পত্ৰখনত জিতেন্দ্ৰ চৌধুৰীয়ে উল্লেখ কৰে, "মণিকবৰন্দৰ বজাৰত থকা চিপিআই(এম) দলৰ এগৰাকীৰ কৰ্মীৰ দোকানত বিজেপিৰ দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ ফলত চিপিআই(এম) দলৰ কৰ্মীগৰাকীৰ ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখন ভাঙি চূৰমাৰ হয়’’ ৷

এই ঘটনাক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ চিপিআই(এম)ৰ সম্পাদকগৰাকীয়ে শোক প্ৰকাশ কৰিছে ৷

এই ঘটনাৰ লগত জড়িত সকলো দুৰ্বৃত্তকে কৰায়ত্ব কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই চিপিআই(এম)ৰ সম্পাদকগৰাকীয়ে ৷ আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে চিপিআই(এম)ৰ প্ৰাৰ্থী অঞ্জন দাসৰ নেতৃত্বত দলীয় কৰ্মীসকলে কমলপুৰ-আম্বাচা পথ এঘণ্টাৰ বাবে অৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰে ।

অৱশ্যে পৰৱৰ্তী সময়ত কমলপুৰ আৰক্ষী বিষয়া সাব্যসাচী দেৱনাথ(Kamalpur sub divisional police officer Sabyasachi Debnath)ৰ লগতে আৰক্ষীৰ এটা দল প্ৰতিবাদস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰে ৷ আৰক্ষীৰ এই আশ্বাসৰ পাচতে প্ৰতিবাদকাৰী চিপিআই (এম)ৰ সমৰ্থক সকলে স্থগিত ৰাখে প্ৰতিবাদ ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.