নিউজ ডেস্ক.২০ ফেব্ৰুৱাৰী: ত্ৰিপুৰাত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ড০ বি আৰ আম্বেদকাৰ মেমৰিয়েল টিচং হাস্পতালত আক্ৰান্তৰ সংখ্যা ৩১ টালৈ বৃদ্ধি হ'ল । চিকিৎসালয়খনৰ অধীক্ষক অৰিন্দম দত্তই শনিবাৰে জনোৱা মতে আগৰতলাৰ আইএলএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা এজন ৰোগীৰ বাহিৰে সকলো ৰোগীক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ।
বিগত দুটা দিনত হাস্পতালখনৰ চিকিৎসক, নাৰ্চ আৰু আন পদত নিযুক্ত লোকৰ ২৮ জন কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছে । প্ৰসূতি বিভাগৰ একাংশ ৰোগীকো এই ভাইৰাছত আক্ৰান্ত হৈছে ।
জিলা দণ্ডাধীশ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ দিয়া নিৰ্দেশনা অনুসৰি চিকিৎসালয়খনত অ'পিডি সেৱা বন্ধ থকা বুলি উল্লেখ কৰে অধীক্ষক গৰাকীয়ে । তেওঁ লগতে দুখ প্ৰকাশ কৰি কয় যে ক'ভিড-১৯ ৰ স্বাস্থ্যবিধি মানুহে লাহে লাহে পালন কৰিবলৈ এৰিলে যাৰ বাবে এনেদৰে পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।
লগতে পঢ়ক:অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে উদ্যোগসমূহলৈ বিত্ত মন্ত্ৰীৰ বিশেষ আহ্বান