ETV Bharat / bharat

ক'ভিড-১৯: যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত ১৩ জনৰ মৃত্যু

author img

By

Published : May 29, 2021, 1:08 PM IST

ত্ৰিপুৰাত অব্যাহত আছে কালৰূপী কৰ'ণাৰ সংহাৰ । প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭৮৩ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ১৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

TRIPURA COVID REPORT UPDATE
ত্ৰিপুৰাত অব্যাহত আছে কৰ'ণাৰ সংহাৰ

নেশ্যনেল ডেস্ক,২৯ মে': সান্ধ্য আইন বলৱৎ থকাৰ পিছতো ত্ৰিপুৰাত নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি । কৰ'ণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়ে আছে ৰাজ্যখনত । চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭৮৩ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ১৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

ৰাজ্যখনত বৰ্তমান সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ৬,৩২৪ জন । এতিয়ালৈকে ৪৯৫ গৰাকী লোকৰ প্ৰাণ কাঢ়িছে মহামাৰীয়ে । আনহাতে, ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৪.১৪ শতাংশ । শুকুৰবাৰে দিনটোত ৮৭৮ জন ৰোগী আৰোগ্য হৈ উঠিছে । বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা শুকুৰবাৰে সন্ধিয়ালৈকে মুঠ ১১,২৩৭ টা নমুনাৰ পৰীক্ষা কৰা হৈছে ।

TRIPURA COVID REPORT UPDATE
ত্ৰিপুৰাত অব্যাহত আছে কৰ'ণাৰ সংহাৰ

আৰটিপিচিআৰ পৰীক্ষাত ১১৮ জন লোকৰ দেহত আৰু আৰএটি পৰীক্ষাত ৬৬৫ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । মুঠ ৭৮৩ গৰাকী আক্ৰান্তৰ ভিতৰত পশ্চিম ত্ৰিপুৰা জিলাত ৩৭৮ টা আক্ৰান্তৰ ঘটনা পঞ্জীয়ন কৰা হৈছে ।

চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰশাসনে আগৰতলা পৌৰ নিগম অঞ্চলৰ সকলো বাসিন্দাৰে ক'ভিড পৰীক্ষা কৰাৰ সম্ভাৱনা আছে । শুকুৰবাৰে যোৰহাটৰ পৰা ত্ৰিপুৰালৈ ভাৰতীয় বায়ু সেনাৰ এখন বিমানেৰে ৩০টা অক্সিজেন চিলিণ্ডাৰ, ৩৫০টা টেষ্টিং কীট আৰু ১০টা অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: পতঞ্জলি ব্ৰেণ্ডৰ নামেৰে তেল পেকিং কৰা কাৰখানা জব্দ: ভেজালীকৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.