ETV Bharat / bharat

ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনত উন্নত ফলাফল দেখুৱাব কংগ্ৰেছে:টি এছ সিং দেও

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ নৱ-নিযুক্ত পৰ্যবেক্ষক টি এছ সিং দেওয়ে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত টিটিএএডিচি নিৰ্বাচনকলৈ দলৰ ৰণনীতি আৰু বিভিন্ন কাৰ্যপন্থা সম্পৰ্কে সাংবাদিকক অৱগত কৰে ।

ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনত উন্নত ফলাফল দেখুৱাব কংগ্ৰেছে:টি এছ সিং দেও
ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনত উন্নত ফলাফল দেখুৱাব কংগ্ৰেছে:টি এছ সিং দেও
author img

By

Published : Mar 5, 2021, 4:47 PM IST

নিউজ ডেস্ক,৫ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ নিৰ্বাচনৰ বাবে এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা বৃদ্ধি পাইছে । নিৰ্বাচনৰ লগত সংগতি ৰাখি কংগ্ৰেছ দলৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ছত্তীশগড়ৰ কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছ নেতা টি এছ সিং দেওক । পৰ্যবেক্ষকৰ দায়িত্ব লৈয়ে সংবাদমেলৰ জৰিয়তে টিএছ সিং দেওৰ ঘোষণা আহি থকা ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ নিৰ্বাচনত কংগ্ৰেছ দলে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব । পূৰ্বৰ বিফলতাক স্বীকাৰ কৰি পৰ্যবেক্ষক গৰাকীয়ে কয় যে এইবাৰ ভাল ফলাফলৰ বাবে কংগ্ৰেছে কাম কৰিব । ইন্দিৰা গান্ধীৰ দিনতে এডিচিৰ দাবী অনুমোদন জনোৱা হৈছিল যদিও এতিয়ালৈ কংগ্ৰেছে টিটিএএডিচি নিৰ্বাচনত পৰিষদ গঠন কৰিব নোৱাৰা কথাও স্বীকাৰ কৰে পৰ্যবেক্ষক গৰাকীয়ে । অৱশ্যে দ্বিতীয় পৰ্যায়ত কংগ্ৰেছে কেইবাখনো আসন দখল কৰা কথাও ব্যক্ত কৰে । তেওঁ উল্লেখ কৰা মতে এইবাৰ কংগ্ৰেছৰ লক্ষ্য হ'ব দলটোৰ বাবে ভোটৰ সংখ্যা বৃদ্ধি কৰা আৰু বিৰোধীক প্ৰতিহত কৰা ।

ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনত উন্নত ফলাফল দেখুৱাব কংগ্ৰেছে:টি এছ সিং দেও

ইফালে পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া বাবে এআইচিচিৰ অধ্যক্ষ ছোনিয়া গান্ধীক ধন্যবাদ জ্ঞাপন কৰে টি এছ সিং দেওয়ে কয় যে কেনেদৰে কংগ্ৰেছৰ পক্ষত ভোট বৃদ্ধি কৰিব পাৰি আৰু দলৰ স্থিতি উন্নত কৰিব পাৰি তাৰ বাবে তেওঁ সৰ্বতো প্ৰকাৰে চেষ্টা চলাব । তেওঁৰ মতে দলে ২৮ খন আসন লাভ কৰিব নোৱাৰিলেও গৰিষ্ঠ সংখ্যক আসন লাভৰ বাবে চেষ্টা কৰিব । তেওঁ লগতে কয় যে দলটোৰ পক্ষত এতিয়াও ত্ৰিপুৰাৰ ৰাইজ আছে যাৰ বাবে বিগত সময়ত ভোটৰ অংশ এবছৰৰ ব্যৱধানত ২৬ শতাংশলৈ বৃদ্ধি হৈছিল । তেওঁ দাবী কৰা মতে কংগ্ৰেছৰ বহু নেতা বৰ্তমান আঞ্চলিক দল অথবা বিজেপিলৈ গমন কৰিছে যদিও কংগ্ৰেছ ৰাজ্যৰ মুখ্য বিৰোধী দল ।

ইফালে মিত্ৰজোঁট সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে এই সম্পৰ্কে কথা বতৰা চলি আছে । বিবাহৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে যেনেদৰে বিবাহৰ জৰিয়তে দুটা পৰিয়াল আত্মীয় হয় আৰু তাত বহু প্ৰক্ৰিয়া থাকে তেনেদৰে ইয়াতো বিভিন্ন প্ৰক্ৰিয়া থাকে । অৱশ্যে কংগ্ৰেছৰো নিজৰ প্ৰস্তুতি থকা বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । সংবাদমেনৰ সময়ত ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাস আৰু দলৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

................CHANGE THUMBNAIL.................

লগতে পঢ়ক:ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.