ETV Bharat / bharat

ত্ৰিপুৰাত ৫৭৯ কোটিৰ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 28, 2021, 12:25 PM IST

ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৫৭৯ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । বিশেষ পুঁজি ক'ত খৰচ কৰা হ'ব সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ লোকসকলক পোনপটীয়া ধন প্ৰদান কৰা এমজিএনৰেগাক অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাজ্যজুৰি উন্নয়নমূলক কামত ৩৩২ কোটি টকাতকৈ কম খৰচ কৰা নহ'ব যাতে সংকটৰ সময়ছোৱাত ৰাইজৰ হাতলৈ ধন যায় । লগতে চহৰাঞ্চলত টি.ইউ.ই.পি. আঁচনিৰ অধীনত কিছুমান কামো কৰা হ'ব ।

Tripura Cm
ত্ৰিপুৰাত ৫৭৯ কোটিৰ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৮ মে': ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা । ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৫৭৯ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । এই ধন দৰিদ্ৰ লোকৰ উন্নয়নৰ বাবে খৰচ কৰাৰ উদ্দেশ্য আগত ৰখা হৈছে ।

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (টিটিএএডিচি) মুখ্য কাৰ্যালয় খুমুলৱঙৰ খেৰেংবাৰ চিকিৎসালয় পৰিদৰ্শনৰ সময়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৃহস্পতিবাৰে ১৫০ এলপিএম অক্সিজেন উৎপাদন প্ৰকল্প আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ।

এই বিশেষ পুঁজি ক'ত খৰচ কৰা হ'ব সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ লোকসকলক পোনপটীয়া ধন প্ৰদান কৰা এমজিএনৰেগাক অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাজ্যজুৰি উন্নয়নমূলক কামত ৩৩২ কোটি টকাতকৈ কম খৰচ কৰা নহ'ব যাতে সংকটৰ সময়ছোৱাত ৰাইজৰ হাতলৈ ধন যায় । লগতে চহৰাঞ্চলত টি.ইউ.ই.পি. আঁচনিৰ অধীনত কিছুমান কামো কৰা হ'ব ।

ইয়াৰ উপৰিও, তেওঁ কয় যে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ জৰিয়তে ৭ লাখ দৰিদ্ৰ পৰিয়ালক ১০০০ টকাৰ বিত্তীয় সাহাৰ্য আৰু ৰেচন প্ৰদান কৰা হ'ব । যদিও ডিবিটিৰ জৰিয়তে বিত্তীয় সাহাৰ্যৰ বাবে ৭০ কোটি টকা ব্যয় হ'ব, তেওঁলোকক ৰেচন সামগ্ৰী প্ৰদান কৰাৰ বাবে অতিৰিক্ত ৮০ কোটি টকাৰ প্ৰয়োজন হ'ব, যাৰ ভিতৰত আছে চাউল, আলু, চয়াবিন, দুগ্ধজাত সামগ্ৰী আৰু অন্যান্য সামগ্ৰীও থাকিব ।

ৰাজ্য চৰকাৰে চাৰি লাখৰো অধিক হিতাধিকাৰীক সামাজিক পেঞ্চনৰ দুমাহৰ অগ্ৰিম প্ৰদান কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে নগৰাঞ্চলত টি.ইউ.ই.পিৰ কামৰ বাবে ২৪ কোটি টকা মঞ্জুৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে টিটিএএডিচিয়ে খুমুলৱঙৰ খেৰেংবাৰ কমিউনিটি হেল্থ চেণ্টাৰ (চিএইচচি)ৰ উন্নীতকৰণৰ বাবে ২৮ কোটি টকা দাবী কৰিছিল । কিন্তু ৰাজ্য চৰকাৰে সকলো দিশ বিবেচনা কৰি মুঠ ৩০ কোটি মঞ্জুৰ কৰিছে । জনজাতীয় লোকসকলৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক বাজেটৰ পৰা দুই কোটি অতিৰিক্তকৈ ধাৰ্য কৰা হৈছে । তেওঁ লগতে কয় যে চিএইচচিক এতিয়া ১৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ'ব ।

ইফালে, খুমুলৱং ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে টিটিএএডিচিৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী অফিচিয়েল ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে আঠখন জিলাক সামৰি আঠটা অক্সিজেন প্ৰকল্প স্থাপনৰ অনুমোদন জনাইছে । ৰাজ্যখনে অধিক ১৮ টা অক্সিজেন প্ৰকল্পৰ বাবে এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে কিয়নো ক'ভিডৰ বিৰুদ্ধে যুঁজত অক্সিজেন অতি গুৰুত্বপূৰ্ণ । তেওঁ লগতে কয় যে টীকাকৰণৰ ক্ষেত্ৰত ত্ৰিপুৰা দেশৰ শীৰ্ষ স্থানত আছে । ৰাজ্যখনত ইতিমধ্যে প্ৰায় ১৬ লাখ ২৭ হাজাৰ লোকক টীকাকৰণ কৰা হৈছে ।

লগতে পঢ়ক:বুধবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 35 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.