ETV Bharat / bharat

Flood Hazard in Tripura: ত্ৰিপুৰাত বন্য়াৰ্তৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী - Flood Hazard In Tripura

ত্ৰিপুৰাত বন্য়াৰ্তৰ হাহাকাৰ । ৫০০০ৰো অধিক লোকে ২৫ টা শিবিৰত গ্ৰহণ কৰিছে আশ্ৰয় । মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ শিবিৰসমূহ পৰিদৰ্শন । সহায়ৰ আশ্বাস বন্যাৰ্তক ।

tripura
Flood Hazard:ত্ৰিপুৰাত বন্য়াৰ্তৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী
author img

By

Published : Jun 19, 2022, 7:36 PM IST

আগৰতলা, ১৯জুন : ত্ৰিপুৰত নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে বানৰ তাণ্ডৱ (Flood Hazard In Tripura)। বিগত কিছুদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত আগৰতলা চহৰৰ কেইবা ঠাইত নতুনকৈ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে । শনিবাৰৰ পৰা ৰাজধানী চহৰ আগৰতলাত জলবন্দী হৈছে হাজাৰ হাজাৰ লোক । ফলত বন্য়াৰ্তই আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছে ।

নিৰ্বাচনী প্ৰচাৰৰ মজতে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই বিভিন্ন ঠাইত স্থাপন কৰা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে (Chief Minister Dr Manik Saha Visited Relief Camps At Agartala)। মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ লগতে অন্যান্য বিষয়াসকলে আগৰতলা চহৰৰ বিভিন্ন ঠাইত স্থাপন কৰা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । শিৱিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মতবিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই ।

চহৰখনত নতুনকৈ বানপানী হোৱাৰ পিছত ৫০০০ ৰো অধিক লোকে ২৫ টা আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে । এই সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ।

ইপিনে, মুখ্য়মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সাহাৰ্যৰ আশ্বাস দিয়ে । চৰকাৰে চৰকাৰী বিদ্যালয় আৰু মন্দিৰ আদিত ২৫টা সাহায্য শিবিৰ স্থাপন কৰিছে বুলি মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই জানিবলৈ দিছে । চহৰখনত বানপানীত আৱদ্ধ হৈ থকা আৱাসিক অঞ্চলৰ লোকসকলক উদ্ধাৰ কৰিবলৈ নাও ব্য়ৱহাৰ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজন হ'লে অধিক উদ্ধাৰকাৰী দল কঢ়িয়াই নিবলৈ নিৰ্দেশ দিয়া বুলিও ড৹ সাহাই উল্লেখ কৰে ।

শেহতীয়া বানপানীৰ সমস্যা সন্দৰ্ভত সদৰৰ Sub-Divisional Magistrate অসীম সাহাই কয় যে, হাওৰা নদীত পানী উপচি পৰিছে । ফলত নদীৰ ওচৰৰ অঞ্চলসমূহ বানত বুৰ গৈছে । হাওৰা নদীয়ে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে বুলিও Sub-Divisional Magistrate সাহাই জানিব দিয়ে । এতিমধ্য়ে প্ৰাথমিক সুবিধাসমূহৰ লগতে মুখ্য চিকিৎসা বিষয়াসকলক সকলো সাহায্য শিবিৰত চিকিৎসা প্ৰদানৰ বাবে প্ৰেৰণ কৰা বুলিও তেওঁ কয় ।

জল সম্পদ বিভাগৰ তথ্য অনুসৰি, হাওৰা নদী 10.5Cm বিপদ সীমাৰ ওপৰৰে বৈ আছে । উল্লেখ্য় যে, বানপীড়িত অঞ্চলবোৰৰ ভিতৰত, আগৰতলাত বলদাখাল আৰু দক্ষিণ চন্দ্ৰপুৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত খাদ্যৰ নাটনি : কেন্দ্ৰক বাংলাদেশৰ মাজেৰে খাদ্য পৰিবহন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.