ETV Bharat / bharat

Sankalpa Sikha Yatra: ত্ৰিপুৰা বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰা হ’ব দবা - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা

৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’ৰ ঐতিহাসিক ‘সংকল্প শিখা’ বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা পায়হি ৷ ভাৰতে প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড আয়োজন কৰাৰ সুযোগ লাভ কৰাত সন্তোষ ব্যক্ত কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক-মানসিক বিকাশৰ বাবে বিদ্যালয়সমূহত দবা অন্তৰ্ভুক্ত কৰাৰ কথা জানিবলৈ দিয়ে ৷

Sankalpa Sikha Yatra
ত্ৰিপুৰাত ঐতিহাসিক ‘সংকল্প শিখা
author img

By

Published : Jul 15, 2022, 1:37 PM IST

আগৰতলা, ১৪ জুলাই: ত্ৰিপুৰাৰ বিদ্যালয়সমূহত দবা অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰিছে চৰকাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক আৰু মানসিক বিকাশৰ কথা চিন্তা কৰি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ভাৰতৰ দবা অলিম্পিয়াডৰ অংশ হিচাপে দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা আদৰ্শ ৰেলীৰ ঐতিহাসিক ‘সংকল্প শিখা’ আগৰতলাত আদৰণি জনায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা(Tripura CM bats to include Chess in school) ৷

Sankalpa Sikha Yatra
ত্ৰিপুৰাত ঐতিহাসিক ‘সংকল্প শিখা

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত শুভাৰম্ভ কৰা ৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’ৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’ বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা পায়হি(Chess Olympiad reached Agartala) ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই(Tripura CM Manik Saha) সংকল্প শিখা যাত্ৰাত অংশগ্ৰহণ কৰি ভাৰতে প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড আয়োজন কৰাৰ সুযোগ লাভ কৰাত সন্তোষ ব্যক্ত কৰে ৷

তেওঁ কয় যে, আজিৰ দিনটো বৰ সুখৰ দিন । দবা খেলৰ উৎপত্তি আমাৰ দেশত হৈছিল । আজি আমাৰ দেশে দবা অলিম্পিয়াডৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে আদৰ্শ ৰেলী আয়োজন কৰাতো অতি সুখৰ বিষয়(Chess Olympiad in India) ৷ তেওঁ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক অধ্যয়নৰ লগতে ক্ৰীড়াংগনত মনোযোগ দিবলৈ আহ্বান জনাই কয় যে, ক্ৰীড়া অবিহনে শাৰীৰিক আৰু মানসিক বিকাশ সম্ভৱ নহয় । তেওঁ লগতে কয় যে, যদি দবা খেলখন বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হয় তেন্তে ই শিক্ষাৰ্থীসকলৰ বুদ্ধিজীৱী বিকাশত সহায় কৰিব কিয়নো দবা খেলাৰ জৰিয়তে মগজুৰ ব্যায়াম কৰা হয় ।

Sankalpa Sikha Yatra
ত্ৰিপুৰাত ঐতিহাসিক ‘সংকল্প শিখা

অহা ২৮ জুলাইৰ পৰা ৭ আগষ্টলৈ চেন্নাইত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক দবা অলিম্পিয়াড (44th chess Olympiad in Chennai)। দেশৰ ৭৫ খন ঠাইত এই শিখা ৰেলীৰে দবা খেলৰ সজাগতা অনুষ্ঠান অনুষ্ঠিত হ'ব (44th chess Olympiad)। পূৰ্বে ৰাছিয়াত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছত ৰাছিয়াত এই প্ৰতিযোগিতা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

২০১৩ চনত বিশ্ব চেম্পিয়নশ্বিপৰ খেলৰ পিছত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এয়া হৈছে দবাৰ দ্বিতীয়টো মুখ্য আন্তর্জাতিক পর্যায়ৰ প্ৰতিযোগিতা ৷ দবা অলিম্পিয়াড হৈছে দ্বিবাৰ্ষিক ক্ৰীড়া ইভেণ্ট, য’ত প্ৰায় ১৯০ খন দেশে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Dalai Lama in Jammu : চীনৰ পৰা মাতৃভূমিক পৃথক কৰিব বিচৰা নাই দালাই লামাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.