নেশ্যনেল ডেস্ক, ৩ জুলাই: শস্য বীমাৰ লাভালাভ সম্পৰ্কে কৃষকক অৱগত কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । এইবাৰ শস্য বীমাৰ এখন প্ৰচাৰ ভেনৰ জৰিয়তে কৃষকক সজাগ কৰাৰ প্ৰয়াস কৰিছে চৰকাৰে । বাহনখনে ৰাজ্যখনৰ পিছ পৰা অঞ্চললৈ গৈ শস্য বীমা সন্দৰ্ভত কৃষকক সজাগ কৰিব । বৃহস্পতিবাৰে 'শস্য বীমা সপ্তাহ'ৰ প্ৰথম দিনটোত বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

অনুষ্ঠানটিত অংশ লৈ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী শস্য বীমা যোজনা (Prime Minister Crop Insurance Scheme)ৰ অধীনত ৰাজ্যখনৰ ৮০ শতাংশ কৃষকক সামৰি লোৱা হৈছে । চৰকাৰৰ লক্ষ্য হৈছে ৰাজ্যখনৰ ১০০ শতাংশ কৃষকক এই আঁচনিৰ অধীনলৈ আনি অধিক সুবিধা প্ৰদান কৰা । তেওঁ লগতে কয় যে, বিজেপি-আইপিএফটি শাসন কালত ত্ৰিপুৰাৰ কৃষিক্ষেত্ৰলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন আহিছে । আনহাতে, চি পি আইক সমালোচনা কৰি তেওঁ কয় যে, বাওঁপন্থী দলটোৱে নিজকে কৃষক কেন্দ্ৰিক দল হিচাপেহে চিনাকি দিবলৈ চেষ্টা কৰে ।
কিন্তু, এই দলটোৱে ত্ৰিপুৰাৰ কৃষকৰ ওপৰত কেৱল লুণ্ঠন চলাইছিল । ত্ৰিপুৰাৰ কৃষকসকলৰ জনমূৰি উপাৰ্জন ২০১৫-১৬ বিত্তীয় বৰ্ষত ৬,০৮০ আছিল আৰু এতিয়া ১১,০৮০ টকালৈ বৃদ্ধি হৈছে বুলি তেওঁ মন্তব্য কৰে ।

কৃষকসকলে যাতে শস্য উৎপাদনৰ উপযুক্ত লাভ অৰ্জন কৰিব পাৰে সেয়া নিশ্চিত কৰাতো বৰ্তমান চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাৰ উপৰিও ৰাজ্যখনত মুখ্যমন্ত্ৰী শস্য বীমা আঁচনিও আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, এতিয়ালৈকে শস্য বীমা যোজনাৰ অধীনত ৰাজ্যখনৰ ৩৪,৮০০ কৃষক পৰিয়ালে তেওঁলোকৰ দাবী অনুসৰি ক্ষতিপূৰণ লাভ কৰিছে আৰু কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ ।
চৰকাৰে এফ চি আইৰ জৰিয়তে ধান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ জৰিয়তে ত্ৰিপুৰাৰ কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ ৩০০ কোটি টকা স্থানান্তৰ কৰা হৈছে । এতিয়া ৰাজ্যখনৰ কোনো কৃষকে তেওঁলোকে উৎপাদন কৰা ধান দালালক কম দামত বিক্ৰী নকৰে বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি