ETV Bharat / bharat

কাঠফুলা খেতিৰে নিদৰ্শন দাঙি ধৰিছে চাকৰিৰ পৰা বঞ্চিত শিক্ষকে - কাঠফুলা খেতিৰে বিপ্লৱ

এফালে ত্ৰিপুৰাৰ আগৰতলাত চাকৰিৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত শিক্ষকৰ প্ৰতিবাদ । আনফালে নিজৰ কৰ্মৰ জৰিয়তে সকলোৰে বাবে আদৰ্শ হৈ পৰিছে চাকৰিৰ পৰা বঞ্চিত হৈও হতাশ নোহোৱা ত্ৰিপুৰাৰ এগৰাকী শিক্ষক । 'মিল্কী কিং' খ্যাত বাবুল দেৱনাথ নামৰ শিক্ষকগৰাকীয়ে কেইবা প্ৰকাৰৰো কাঠফুলাৰ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

মাছৰুম খেতিৰে নিদৰ্শন দাঙি ধৰিছে ত্ৰিপুৰাৰ শিক্ষক বাবুল দেৱনাথে

author img

By

Published : Feb 15, 2021, 8:41 PM IST

নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী: আগৰতলা চহৰৰ নিকটৱৰ্তী ফটিকছেৰা চাহ খেতিৰ বাবে পৰিচিত। বিশেষকৈ উচ্চ মানৰ 'হোৱাইট টি'ৰ বাবে ফটিকছেৰা জনাজাত । চাহ খেতিৰ বাবে জনাজাত এই ফটিকছেৰাত এতিয়া কাঠফুলা খেতিৰে বিপ্লৱ আনিছে চাকৰিৰ পৰা বঞ্চিত এগৰাকী শিক্ষকে । বাবুল দেৱনাথ নামৰ শিক্ষকগৰাকী ১০,৩২৩ গৰাকী চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ মাজৰে এজন । কিন্তু হেৰুওৱাৰ ক্ষোভত প্ৰতিবাদ নকৰি অথবা ঘৰতে বহি নাথাকি সম্প্ৰতি বাবুল দেৱনাথে উচ্চ দৰৰ চাহৰ সমান্তৰালভাৱে নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে ।

'মিল্কী কিং' হিচাপে খ্যাত বাবুল দেৱনাথে কাঠফুলা খেতিৰ সৈতে জড়িত কৃষকসকলক এগৰাকী পৰামৰ্শদাতা তথা এগৰাকী শিক্ষক হিচাপে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে । তেওঁৰ হাতত চক পেঞ্চিল আৰু ডাষ্টাৰ নাথাকিব পাৰে, কিন্তু তথাপিও তেওঁ কৃষকসকলক কাঠফুলা খেতিৰ বিষয়ত জ্ঞান দি আহিছে বাবুলে । বাবুল দেৱনাথে প্ৰকাশ কৰা মতে, তেওঁ বহু পৰিমাণে মিল্কী কাঠফুলা উৎপাদন কৰিছে আৰু তেওঁৰ অধীনত কাম কৰা বহু কৃষকক এই বিষয়ে পৰামৰ্শ আগবঢ়াই আহিছে । সেয়েহে তেওঁক কৃষকসকলে 'মিল্কী কিং' আখ্যা দিছে । তেওঁ জনোৱা মতে, তেওঁ দীৰ্ঘদিন ধৰি কাঠফুলাৰ খেতি কৰি আছে ।

মাছৰুম খেতিৰে নিদৰ্শন দাঙি ধৰিছে ত্ৰিপুৰাৰ শিক্ষক বাবুল দেৱনাথে
মাছৰুম খেতিৰে নিদৰ্শন দাঙি ধৰিছে ত্ৰিপুৰাৰ শিক্ষক বাবুল দেৱনাথে

আনকি, নিযুক্তি লাভ কৰাৰ পূৰ্বৰে পৰা তেওঁৰ মনত নিজাকৈ কিবা এটা কৰাৰ হেঁপাহ আছিল । ত্ৰিপুৰাৰ মানুহে কাঠফুলা খাদ্য তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰাৰ আগৰে পৰা তেওঁ কাঠফুলা খেতিৰ সৈতে জড়িত হৈ আছিল বুলিও জানিবলৈ দিয়ে বাবুল দেৱলালে । তেওঁ কয় যে, তেওঁ বিগত বৰ্ষত বটন কাঠফুলাৰ খেতি কৰিছিল যদিও কিছু অসুবিধাৰ বাবে শস্য নষ্ট হৈছিল । বাবুল দেৱলালৰ মতে, বটন কাঠফুলা হৈছে এক বিশেষ ধৰণৰ কাঠফুলা আৰু ইয়াক সাধাৰণতে ঠাণ্ডা ঠাইত উৎপাদন কৰা হয় । ত্ৰিপুৰাত বটন কাঠফুলা কেৱল শীত কালতহে উৎপাদন কৰিব পাৰি ।

কাঠফুলা খেতি বিষয়ক প্ৰশিক্ষণৰ প্ৰসংগত তেওঁ কয় যে, 'বিগত বৰ্ষত মই পশ্চিমবংগৰ আছানছ'লত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো আৰু বটন কাঠফুলাৰ খেতি আৰম্ভ কৰিছিলো । চলিত বৰ্ষত মই ৩০ টন উৎপাদন কৰিছো' । বটন কাঠফুলাৰ উপৰিও বাবুলে মিল্কী কাঠফুলা আৰু অয়ষ্টাৰ কাঠফুলাও উৎপাদন কৰিছে । কাঠফুলা খেতিৰে জড়িত যিকোনো ধৰণৰ অসুবিধাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কৃষক তেওঁৰ কাষ চাপে আৰু পৰামৰ্শ লয় ।

তেওঁৰ সাফল্যৰ বিষয়ে অৱগত হোৱাৰ পিছতে স্থানীয় বিধায়ক কৃষ্ণান্ধন দাসে তেওঁৰ বাসগৃহলৈ যায় আৰু বাসগৃহ চৌহদতে স্থাপন কৰা কাঠফুলা ফাৰ্ম পৰিদৰ্শন কৰে । তেওঁৰ কাৰ্যত সন্তুষ্ট হৈ বিধায়কগৰাকীয়ে তেওঁ যিকোনো সহায়ৰ প্ৰয়োজন হ'লে সংকোচ নকৰাকৈ বিধায়কগৰাকীক অৱগত কৰিবলৈ কয় । বাবুল দেৱলালে মধ্যাহ্ন ভোজনত কাঠফুলা অন্তৰ্ভুক্ত কৰিবলৈ বিধায়গৰাকীক আহ্বান জনাইছিল, যাতে এই খেতিৰে জড়িত কৃষকসকল লাভান্ৱিত হয় ।

ত্ৰিপুৰাত প্ৰতিদিনে ৫০০ কেজি কাঠফুলা বিক্ৰী হয় । কাঠফুলা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, ছাত্ৰ-ছাত্ৰীসকলকো পুষ্টিকৰ খাদ্য হিচাপে কাঠফুলা খুৱাব পাৰি । যদিহে কাঠফুলাৰ বিক্ৰী অধিক হয় তেন্তে কৃষকসকল অধিক উপকৃত হ'ব বুলিও তেওঁ মন্তব্য কৰে । মুঠতে কাঠফুলা খেতিৰে ত্ৰিপুৰাত এক বিপ্লৱৰ সূচনা কৰিছে বাবুল দেৱলালে । তেওঁৰ এই পদক্ষেপ আন বহু নিবনুৱাৰ বাবেও আদৰ্শ হৈ পৰিছে ।

লগতে পঢ়ক:কেনেদৰে সুৰক্ষিত কৰিব ফেচবুকৰ গোপনীয়তা ছেটিংছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.