ETV Bharat / bharat

ত্ৰিপুৰাত অ'এনজিচি শ্ৰমিকৰ বৃহৎ প্ৰতিবাদ

author img

By

Published : Mar 23, 2021, 7:17 PM IST

দক্ষিণ ত্ৰিপুৰা জিলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে অ'এনজিচিৰ শ্ৰমিকে । দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত শান্তিৰবজাৰত একাংশ উদণ্ড যুৱকে তেওঁলোকক কামত বাধা প্ৰদান কৰি অহা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলৰ দাবী তেওঁলোকক কামত স্বাধীনতা প্ৰদান কৰিব লাগে ।

ত্ৰিপুৰাত অ'এনজিচি শ্ৰমিকৰ বৃহৎ প্ৰতিবাদ
ত্ৰিপুৰাত অ'এনজিচি শ্ৰমিকৰ বৃহৎ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ: দক্ষিণ ত্ৰিপুৰাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অ'এনজিচিৰ শ্ৰমিকে । মঙলবাৰে দক্ষিণ ত্ৰিপুৰা জিলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদী শ্ৰমিকসকলে । দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত শান্তিৰবজাৰত একাংশ উদণ্ড যুৱকে তেওঁলোকক কামত বাধা প্ৰদান কৰি অহা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলৰ দাবী তেওঁলোকক কামত স্বাধীনতা প্ৰদান কৰিব লাগে ।

তেওঁলোকৰ অভিযোগ একাংশ যুৱক-যুৱতীয়ে তেওঁলোকক বিভিন্ন সময়ত বাধা প্ৰদান কৰি আহিছে । কেৱল এয়াই নহয় শ্ৰমিকসকলে স্থাপন কৰা কেবল লাইন কাটি দিয়াৰো অভিযোগ যুৱক-যুৱতীসকলৰ বিৰুদ্ধে । শ্ৰমিকসকলক সুৰক্ষা প্ৰদানৰ আশ্বাস নিদিয়ালৈ তেওঁলোকে কাম আৰম্ভ নকৰাৰো হুংকাৰ দিয়ে ।

প্ৰায় এঘণ্টা ধৰি চলা এই পথ অৱৰোধৰ ফলত যথেষ্ট পৰিমাণে যান-জঁটৰ সৃষ্টি হয় । ৰাজপথত বহু বাহন আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে । যাৰফলত সমগ্ৰ অঞ্চলটোতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । ঘটনাস্থলীত শান্তিৰবজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুব্ৰত চক্ৰৱৰ্তীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । প্ৰতিবাদী শ্ৰমিকসকলৰ দুজনক আৰক্ষীয়ে আটক কৰা বুলিও জানিব পৰা গৈছে । অৱশেষত শ্ৰমিকসকলক লিখিত আশ্বাস প্ৰদান কৰাৰ পিছত প্ৰতিবাদৰ কাৰ্যসূচী বন্ধ কৰে ।

লগতে পঢ়ক:মুক্ত নিৰ্বাচন আৰু নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.