আগৰতলা, 6 মে': পশ্চিমবংগত সংঘটিত নিৰ্বাচনী হিংসাক গৰিহণা দি ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰিপুৰা গোটে ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ হিংসাৰ বলি হোৱা পশ্চিমবংগৰ বিজেপি কৰ্মী সকলৰ প্ৰতি সমবেদনা প্ৰদৰ্শন কৰি ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷
মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, সাংসদ প্ৰতিমা ভৌমিক, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা, কৃষি মন্ত্ৰী প্ৰসেনজিৎ সিংহ ৰয়কে ধৰি সকলো বিধায়কে নিজৰ আত্মীয়ক হেৰুৱাব লগীয়া হোৱা বিজেপি সদস্যৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ নিজৰ ঘৰৰ সন্মুখত মম প্ৰজ্বলন কৰি ত্ৰিপুৰা বিজেপিৰ সদস্য তথা বিষববীয়া সকলে হিংসাত প্ৰাণ হেৰুৱা সকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে ৷
ইফালে পুৱাৰ ভাগত, ৰাজ্যখনৰ প্ৰতিটো মণ্ডলতে বিজেপিৰ নেতা সকলে হাতে হাতে প্লেকাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ পশ্চিমবংগৰ হিংসাত্মক আক্ৰমণৰ ঘটনাক গৰিহণা দি ৰাজ্যৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাচতে পশ্চিমবংগৰ লোক সকল আতংকিত হৈ পৰিছিল ৷ দেৱে কয়, "বিজেপিৰ কাৰ্যকৰ্তা সকলক যিধৰণে হত্যা কৰা হৈছে সেইয়া প্ৰত্যক্ষ কৰি আমি দুখিত হৈ পৰিছো ৷ আমি বিদেহী আত্মাৰ বাবে প্ৰাৰ্থনা কৰিছো ৷"
বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাংসদ প্ৰতিমা ভৌমিকে বিজেপিৰ কৰ্মকৰ্তা সকলৰ সৈতে হোৱা অত্যাচাৰক বৃহৎ ৰক্তপাত হোৱা বংগ বিভাজনৰ সৈতে তুলনা কৰে ৷ তেওঁ কয় যে, "আমাৰ কাৰ্যকৰ্তা সকলক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে দলৰ কাৰ্যলয় সমূহত জুই লগোৱা হৈছে ৷ দোকানবোৰ লণ্ডভণ্ড কৰা হৈছে, ঘৰ লুটি নিয়া হৈছে ৷ দুৰ্বৃত্তই আনকি মহিলাসকলকো এৰি দিয়া নাই ৷ আজি কন্যাৰ পৰা মাতৃলৈকে সকলো বয়সৰ মহিলা বংগত আক্ৰমণৰ সন্মুখীন হৈছে ৷ "
তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে হিংসা সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ উত্থাপন কৰি ভৌমিকে কয় যে, "2011 ত কমিউনিষ্ট সকলক পৰাস্ত কৰি তৃণমূলে হিংসাৰ সংস্কৃতি গ্ৰহণ কৰিছিল আৰু তাৰ পাচৰে পৰা কমিউনিষ্ট সকলে প্ৰতিটো নিৰ্বাচনৰ পাচত হিংসাৰ নেতৃত্ব দিয়াৰ দৰে তৃণমূলেও এই ধাৰা অব্যাহত ৰাখিছে ৷ একেদৰে এইবাৰৰ নিৰ্বাচনৰ পাচতো আকৌ এবাৰৰ বাবে ৰক্তপাতৰ খেল আৰম্ভ হ'ল ৷
লগতে পঢ়ক: ত্ৰিপুৰাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি