ETV Bharat / bharat

Tripura Assembly Elections 2023: মোডী-শ্বাহৰ বাবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন হৈ পৰিছে সন্মানৰ যুঁজ - Elections 2023

আজি পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰায় 28 লক্ষ্যাধিক ভোটাৰে নিৰ্ণয় কৰিব 60 খন আসনৰ বিপৰীতে 259 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য (Tripura assembly election) ৷

Etv Bharat
আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন
author img

By

Published : Feb 16, 2023, 8:52 AM IST

Updated : Feb 16, 2023, 9:24 AM IST

নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী: আজি পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (Tripura assembly election) ৷ যদিও ত্ৰিপুৰাত বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে তথাপি গেৰুৱা বাহিনীটোৰ সন্মুখন প্ৰত্যাহ্বান হিচাবে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী)৷ এসময়ত ৰঙা দুৰ্গ আৰু বৰ্তমান গেৰুৱা দুৰ্গ হিচাপে পৰিচিত ত্ৰিপুৰাত প্ৰায় 28 লাখ ভোটাৰেৰে এই নিৰ্বাচনে বিজেপিৰ ৰাজনৈতিক সংখ্যাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব নোৱাৰে যদিও ই নিশ্চিতভাৱে নৰেন্দ্ৰ মোডী-অমিত শ্বাহ ব্ৰিগেডৰ বাবে এক সন্মানৰ যুঁজত পৰিণত হৈছে (Tripura elections how important for BJP) ।

চৰকাৰী তথ্য অনুসৰি ২৮ লাখ যোগ্য ভোটাৰে ৰাজ্যখনত স্থাপন কৰা ৩,৩৩৭ টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব য’ত সম্পূৰ্ণ ভোটাৰৰ প্ৰায় আধা সংখ্যকেই হৈছে মহিলা ভোটাৰ । ৰাজ্যখনত 97 টা বিশেষ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে যি সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত ৷ তাৰোপৰি 44 টা পিডব্লিউডি (বিশেষভাৱে সক্ষম ব্যক্তি)ৰ দ্বাৰা পৰিচালিত হ’ব আৰু 88 টা ভোটকেন্দ্ৰক আদৰ্শ ভোটকেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে ।

আগন্তুক সংসদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত, ২০২৩ চনত অনুষ্ঠিত দেশৰ এই তৃতীয় সৰু ৰাজ্যখন নিৰ্বাচন অনুষ্ঠিত হ'বলৈ যোৱা আন নখন ৰাজ্যৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে বিবেচিত হৈছে ৷ কিয়নো ই বিজেপিৰ ‘লুকিং ইষ্ট’ প্ৰচাৰৰ এখন প্ৰৱেশদ্বাৰ হিচাপে পৰিগনিত হৈছে । স্বাভাৱিকতে গেৰুৱা বাহিনীৰ দলটোয়ে কেৱল এই ৬০ জনীয়া বিধান সভা নিৰ্বাচনতে নহয়, চলিত মাহৰ ২৭ তাৰিখে অনুষ্ঠিত হ'বলগা বিনিধানসভা নিৰ্বাচনত নাগালেণ্ড আৰু মেঘালয়তো নিজৰ দুৰ্গটো ধৰি ৰাখিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব ।

উল্লেখ্য যে, উত্তৰ-পূবৰ আন দুখন ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ সৈতে একেলগে অহা 2 মাৰ্চত হ’ব ত্ৰিপুৰা নিৰ্বাচনৰ ভোট গণনা ৷ ভোট গণনাৰ এদিন পাছতে অৰ্থাৎ 3 মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল (Tripura assembly election result)৷ 2018 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিক উফৰাই ত্ৰিপুৰাত শাসনলৈ অহা বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী মানিক সাহাই (Tripura CM Manik Saha) ৷ তেওঁ কয়, এইবাৰ নিৰ্বাচনত চুনামি হ’ব৷ 2018 চনত আমি 36 খন আসন পাইছিলো আৰু আমাৰ মিত্ৰজোঁটৰ অংশীদাৰে 8 খন আসন পাইছিল ৷ গতিকে এইবাৰ আমি পূৰ্বতকৈ অধিক আসন লাভ কৰিম৷’’

বিয়লি 4 বজালৈকে অনুষ্ঠিত হ’ব লগা ভোট গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত চোকা দৃষ্টি ৰখা হৈছে৷ বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল আৰু অতি স্পৰ্শকাতৰ অঞ্চলৰ ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে CRPF আৰু BSF ৰ জোৱান (Security arrangement for Tripura election)৷

মন কৰিব লগীয়া যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ কাৰণ 2018 ৰ দৰেই পুনৰ গুজৰাট আৰ্হিৰে নিৰ্বাচনত নামিছে বিজেপি ৷ গতিকে ইয়াৰ পৰাই প্ৰমাণ হ’ব যে, বৰ্তমান বিজেপিৰ গুজৰাট আৰ্হি কিমান ফলপ্ৰসূ হয় ৷ 2018 চনত 36খন আসন লাভ কৰি বিজেপিয়ে উৎখাত কৰিছিল ত্ৰিপুৰাৰ দশক পুৰণি দল চিপিআইএমক ৷ কিন্তু এইবাৰ পুনৰ পূৰ্বৰ বাঘজৰী উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছে CPIMয়ে ৷

লগতে পঢ়ক: Tripura assembly elections 2023: ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ; ইভিএমত বন্দী হ’ব 259 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Last Updated : Feb 16, 2023, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.