আগৰতলা,২৬ মে' : অহা ২৩ জুনত অনুষ্ঠিত হ'ব ত্ৰিপুৰা বিধানসভাৰ উপ-নিৰ্বাচন (Tripura assembly bye election to be held on June 23)। এক বিবৃতিযোগে এই কথা ঘোষণা কৰে নিৰ্বাচন আয়োগে । ঠিক তেনেদৰে ২৬ জুনত ফলাফলো ঘোষণা কৰা হ'ব । ইফালে ৩০ মে' নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব ।
প্ৰাৰ্থীসকলৰ মনোনয়নৰ অন্তিম দিন ৬ জুন । মনোনয়ন পৰীক্ষা ৭ জুনত কৰা হ'ব । প্ৰাৰ্থীয়ে ৯ জুনৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব । ত্ৰিপুৰাৰ চাৰিটা সমষ্টি ক্ৰমে টাউন বৰদোৱালী, আগৰতলা, সুৰমা আৰু জুবাৰাজ নগৰত হ'ব এই উপ-নিৰ্বাচন (Bye election on 4 assembly seats in Tripura)।
উল্লেখ্য যে আগৰতলাৰ বিধায়ক সুদীপ ৰয় বৰ্মন আৰু টাউন বৰদোৱালীৰ বিধায়ক আশীষ কুমাৰ সাহাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছতে এই দুখন আসন খালী হৈ আছে ।আনহাতে সুৰমা সমষ্টিৰ বিধায়ক আশীষ দাসক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল । তেওঁ ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে । ইফালে জুবাৰাজ নগৰৰ চিপিআইএমৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যুৰ লগে লগে সমষ্টিটোৰ আসনখনো খালী হৈ আছে ।
লক্ষণীয়ভাৱে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । চাৰিওটা সমষ্টিতে শাসকীয় বিজেপিয়ে ইতিমধ্যে পৃথক ৰণকৌশলৰ জৰিয়তে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে । সমান্তৰালকৈ বাকী দলবোৰেও বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভ কৰিছে ।
কিন্তু উপ-নিৰ্বাচনত (Tripura bye election 2022) কোনে শেষ হাঁহি মাৰিব তাক লৈহে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰে তিনিটা সমষ্টিয়ে বিজেপিৰ দখলত আছিল যদিও এইবাৰৰ উপ-নিৰ্বাচন বিজেপিৰ বাবে কিছু কঠিন হ'ব বুলিও বহুতে দাবী কৰিছে ।