ETV Bharat / bharat

Mamata Banerjee on INDIA : চকীৰ পিছত নদৌৰে তৃণমূল; মমতা বেনাৰ্জী

author img

By

Published : Jul 21, 2023, 6:04 PM IST

বিৰোধী দলক প্ৰতিনিধিত্ব কৰা নেত্ৰীগৰাকীক লৈ বিজেপিৰ ব্যাপক সমালোচনাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বিৰোধী ঐক্যৰ এগৰাকী বিশিষ্ট ব্যক্তি মমতা বেনাৰ্জীয়ে এই কথা জোৰ দি কয় যে তৃণমূল কংগ্ৰেছৰ উদ্দেশ্য নিজৰ স্বাৰ্থত ক্ষমতা অনুসৰণ কৰা নহয়, বৰঞ্চ বিজেপিক শাসনৰ পৰা উৎখাত কৰাটোহে ।

Mamata Banerjee on INDIA
Mamata Banerjee on INDIA

নিউজ ডেস্ক, ২১ জুলাই : বিৰোধী ঐক্যৰ এগৰাকী অন্যতম নেত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভত বিজেপিয়ে বিভিন্ন সমালোচনা কৰি আহিছে । আনকি শাসন-ক্ষমতাৰ বাবে তৃণমূল নেত্ৰীগৰাকী লোভী বুলিও সমালোচনা কৰিছে । তাৰ মাজতে এইবাৰ বিজেপিক তীব্ৰ প্ৰত্যুত্তৰ দিছে মমতা বেনাৰ্জীয়ে । কলকাতাত তৃণমূলৰ শ্বহীদ দিৱসৰ ৰেলীত ভাষণ দি তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰীগৰাকীয়ে কয়, "আমি চকী বিচৰা নাই । আমি ক্ষমতাৰ পিছতো দৌৰা নাই । আমি বিচাৰোঁ যে বিজেপি ক্ষমতাৰ পৰা বাহিৰত থাকক । তেওঁলোকক আৰু সহ্য কৰিব নোৱাৰি । তেওঁলোকৰ বিদায় লোৱাৰ সময় হৈছে ।"

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বেংগালুৰুত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী বৈঠকত গঠন হোৱা নতুন মিত্ৰজোঁট ইণ্ডিয়া (ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল এণ্ড ইনক্লুচিভ এলায়েন্স) সন্দৰ্ভত বক্তব্য ৰাখে । মমতাই কয়, "আমি ইণ্ডিয়া নামৰ এক মিত্ৰজোঁট গঢ়ি তোলাত সফল হৈছোঁ । আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দিম আৰু তেওঁলোকৰ বিদায়ৰ সময় হৈছে ।"

"ইণ্ডিয়াই যুঁজ দিব । তৃণমূলে পতাকা ধৰিব আৰু সৈনিকৰ দৰে যুঁজ দিব । ইণ্ডিয়া নিশ্চয় জিকিব । বিজেপি পৰাজিত হ'ব । ইণ্ডিয়া জিকিব । মোদী পৰাস্ত হ'ব । ইয়াৰ বাহিৰে আমাৰ কোনো শ্লোগান নাই ।" মমতাই এনেদৰে মিত্ৰজোঁটলৈ তেওঁৰ উদাত্ত বাৰ্তা দিয়ে ।

উল্লেখ্য যে বিজেপি নেতা অমিত মালব্য়ই বিৰোধী দলৰ নেতৃত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ কেইদিনমান পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আহিছে । আনহাতে, বিজেপিয়ে ইমানলৈকে কৈছে যে বিৰোধী মিত্ৰজোঁটত প্ৰধানমন্ত্ৰী পদৰ বাবে ইমানেই প্ৰত্যাশী আছে যে বিৰোধীয়ে সাত দিনৰ বাবে সাতজন প্ৰধানমন্ত্ৰী পাতিব লাগিব ।

আনহাতে, ৰাজনৈতিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ দৌৰত নাই বুলি ঘোষণা কৰাৰ পিছত তৃণমূল কংগ্ৰেছেও স্পষ্ট কৰিব বিচাৰিছে যে প্ৰধানমন্ত্ৰীৰ পদটো বিৰোধী ঐক্য বিভাজনৰ কাৰণ নহ'ব ।

ইফালে দলীয় সূত্ৰই ইংগিত দিছে যে মমতা বেনাৰ্জী এই বিষয়টোত ইমানেই সতৰ্ক আছিল যে তেওঁ মঞ্চত উপস্থিত থকা সকলো দলীয় কৰ্মী আৰু নেতাসকলক কোনো শ্লোগান নিদিবলৈ বা তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ নকৰিবলৈ কৈছিল । উল্লেখযোগ্য যে এক লাখতকৈও অধিক জনসমাগমৰ মাজত মমতাক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা এটাও শ্লোগান নাছিল ।

লগতে পঢ়ক :Man tries to enter Mamata Banerjees residence : অস্ত্ৰ আৰু ড্ৰাগছসহ মমতা বেনাৰ্জীৰ বাসগৃহৰ সন্মুখৰ পৰা এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.