ETV Bharat / bharat

Tribal woman of Koraput in G20 Summit : G20 সন্মিলনত প্ৰদৰ্শিত হ’ব ওড়িশাৰ কোৰাপুটত উৎপাদিত মিলেট শস্য

9 আৰু 10 ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব G20 সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে ওড়িশাৰ কোৰাপুট জিলাৰ কুণ্ডুৰা ব্লকৰ জনজাতীয় মহিলা কৃষক ৰাইমাতী ঘিউৰিয়া ৷ G20 সন্মিলন ৰাইমাতী ঘিউৰিয়াই কোৰাপুট অঞ্চলত ব্যৱহৃত আৰু উৎপাদিত উচ্চমানৰ পৰম্পৰাগত মিলেট শস্য যেনে বাটি মণ্ডিয়া আৰু মামি মন্দিয়া সন্দৰ্ভত মতামত দাঙি ধৰিব ৷

Tribal woman of Koraput in G20 Summit
দিল্লীলৈ ৰাওনা হৈছে মহিলা কৃষক ৰাইমাতী ঘিউৰিয়া
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:15 PM IST

দিল্লীলৈ ৰাওনা হৈছে মহিলা কৃষক ৰাইমাতী ঘিউৰিয়া

নেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ : দিল্লীত অনুষ্ঠিত হ’ব লগা জি-20 আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে দিল্লীলৈ ৰাওনা হৈছে ওড়িশাৰ কোৰাপুট জিলাৰ কুণ্ডুৰা ব্লকৰ জনজাতীয় মহিলা কৃষক ৰাইমাতী ঘিউৰিয়া । সেই সন্মিলনত ৰায়মতিয়ে কোৰাপুট অঞ্চলত খেতি কৰা বিভিন্ন ধৰণৰ ৰাগী আৰু বাজৰা শস্যৰ বিষয়ে তেওঁ বিৱৰণ কৰিব ৷

ৰাইমাতী ঘিউৰিয়া হৈছে নুৱাগুদা গাঁৱৰ বহু মহিলাৰ বাবে এক আদৰ্শ স্বৰূপ । ৰায়মতী এগৰাকী মহিলা কৃষক আৰু জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰশিক্ষক হিচাপে খ্যাত । তেওঁ পৰম্পৰাগত পদ্ধতিৰে নিজ মাটিতে ধান বা অন্যান্য শস্যৰ খেতি কৰি আহিছে ।

লগতে তেওঁ অঞ্চলটোৰ অন্যান্য কৃষক পৰিয়ালকো কৃষি পদ্ধতি সন্দৰ্ভত প্ৰশিক্ষণ দি আহিছে ৷ বৰ্তমান পৰ্যন্ত তেওঁ 72 টা পৰম্পৰাগত উন্নত জাতৰ ধান বীজ আৰু 30 বিধ বাজৰা (মিলেট) শস্য সংৰক্ষণ কৰিছে । তেওঁ গাঁৱতে স্থাপিত এটা FPO (Bamandai Farmers Producers Company Limited) কোম্পানীৰ মুৰব্বী ৷ য’ত জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰস্তুত কৰাৰ লগতে ক্ৰয়-বিক্ৰয় আদিৰ সৈতেও জড়িত ।

জানিব পৰা মতে, কোৰাপুট অঞ্চলত খেতি কৰিবৰ বাবে ৰাইমাতী ঘিউৰিয়াৰ পৰিয়ালৰ লোকে তেওঁক মাটি দান কৰিছিল ৷ সেই মাটিতে তেওঁ এখন ফাৰ্ম স্কুল স্থাপন কৰিছিল আৰু 2012 চনৰ পৰাই পৰিয়ালটোৱে ফাৰ্ম স্কুলখনৰ পৰা পৰ্যাপ্ত সুবিধা প্ৰদানৰ সকলো দায়িত্ব লৈ আহিছে ।

জনজাতীয় মহিলা কৃষক ৰাইমাতী ঘিউৰিয়াৰ শক্তিশালী নেতৃত্ব আৰু দক্ষ কাৰ্যকলাপৰ বাবে তেওঁক বহু বঁটা আৰু স্বীকৃতিৰেও সন্মানিত কৰা হয় ৷ তেখেতে 2012 চনত নতুন দিল্লীৰ পিপিভি এণ্ড এফ আৰ অথৰিটি (Genome Saver Community Award in 2012 by PPV & FR Authority) ৰ দ্বাৰা জিনম চেভাৰ কমিউনিটি বঁটা লাভ কৰা দলটোৰ সদস্য আছিল বুলি স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰশান্ত পেগোডাই উল্লেখ কৰে ।

9 আৰু 10 ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব লগা G20 সন্মিলনত ৰায়মতিয়ে কোৰাপুট অঞ্চলত ব্যৱহৃত উচ্চমানৰ পৰম্পৰাগত বাজৰা (মিলেট) শস্য যেনে বাটি মণ্ডিয়া আৰু মামি মন্দিয়া সন্দৰ্ভত (Bati Mandia and Mami Mandia) মতামত দাঙি ধৰিব । প্ৰশান্ত পেগোডাই কয় যে জৈৱিক মিলেট শস্য আৰু বীজ সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ গৱেষণা কেন্দ্ৰ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ সহযোগত ৰায়মতীক সহায় কৰা হৈছে ।

উল্লেখ্য যে, প্ৰায় দুটা বছৰৰ পূৰ্বে পদ্মশ্ৰী কমলা পূজাৰীয়ে পৰম্পৰাগত ধান সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি জোহান্সবাৰ্গৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত কোৰাপুট অঞ্চলত খেতি কৰা শ শ প্ৰকাৰৰ ধানৰ তথ্য দাঙি ধৰি কোৰাপুট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল । এইবাৰ ৰাইমতীয়েও একেদৰেই নিজৰ পথাৰত হোৱা পৰম্পৰাগত ধান আৰু ৰাগী শস্য সংৰক্ষণ কৰি কোৰাপুট অঞ্চললৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ যাক লৈ অঞ্চলটোত বৈছে আনন্দৰ বন্যা ৷

লগতে পঢ়ক : Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.