ETV Bharat / bharat

President West Bengal visits : পশ্চিমবংগ ভ্ৰমণ কালত ৰাষ্ট্ৰপতিক সাক্ষাতত বাধা জনজাতীয় নেতাক - President Murmu at Visva Bharati

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে পশ্চিবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে (President Murmu at Visva Bharati)। ৰাষ্ট্ৰপতিগৰাকীৰ এই অনুষ্ঠানৰ সময়ত কেইবাগৰাকীও জনজাতীয় নেতাক আৰক্ষীয়ে গৃহ বন্দী কৰি ৰাখে । কিন্তু কিয় ?

President West Bengal visits
ৰাষ্ট্ৰপতিৰ পশ্চিমবংগ ভ্ৰমণৰ সময়ত জনজাতীয় নেতাক গৃহ বন্দী
author img

By

Published : Mar 28, 2023, 9:14 PM IST

নেশ্যনেল ডেস্ক, ২৮ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে পশ্চিমবংগত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu West Bengal visit)। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ এই সময়চোৱাত পশ্চিমবংগৰ জনজাতীয় সংগঠনৰ ৬ গৰাকী নেতাক গৃহবন্দী কৰি ৰখা হৈছে । ৰাষ্ট্ৰপতিগৰাকী শান্তি নিকেতন ভ্ৰমণৰ সময়তে নেতাকেইগৰাকীক গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে (Tribal leaders not allowed to meet President)। কাৰণ তেওঁলোকে বিতৰ্কিত দেউচা-পাচামী বিষয়কে ধৰি কেইবাটাও দাবী সম্পৰ্কে আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ প্ৰস্তুতি চলাইছিল ।

ইয়াৰ উপৰিও, জনজাতীয় সংগঠনৰ নেতাসকলে ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে সান্তাল জনজাতিৰ লোকসকলৰ শিক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছিল । তেওঁলোকে বিশ্ব ভাৰতীৰ কাৰ্যকৰী সচিব অশোক মহতক বৈঠকৰ অনুমতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু বিশ্ববিদ্যালয়খনে শেষ মুহূৰ্তত তেওঁলোকৰ অনুৰোধ অস্বীকাৰ কৰিছিল ।

মঙলবাৰে পুৱা ৬ বজাত ৰাম সোৰেণ, সোনা মুৰ্মু, ড৹ বিনয় কুমাৰ সোৰেণ, মিণ্টি হেমব্ৰাম, ৰাথিন কিস্কু আৰু শিবু সোৰেণকে ধৰি জনজাতীয় নেতাসকলক পশ্চিমবংগ আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখে (Tribal leader under house arrest in West Bengal)। তেওঁলোকৰ বাসগৃহত আৰক্ষী নিয়োগ কৰা হয় আৰু তেওঁলোকক অৱগত কৰা হয় যে ৰাষ্ট্ৰপতি শান্তি নিকেতনত থকালৈকে তেওঁলোকে তেওঁলোকৰ ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে দেউচা-পাচামীত কয়লা খননৰ বাবে ভূমি অধিগ্ৰহণ কৰিছে (Deucha Pachami issue)। আনহাতে স্থানীয় খিলঞ্জীয়া লোকসকলে খনন কাৰ্য আৰম্ভ হোৱাৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে । জানিব পৰা মতে বোলপুৰ-শান্তি নিকেতন অঞ্চলত বহুতো জনজাতীয় লোকৰ ভূমি বেদখল কৰা হৈছে । য'ত ৰিজৰ্ট, হোটেল, হাউচিং, কটেজ আৰু উচ্চ অট্টালিকা নিৰ্মাণ কৰা হৈছে । ৰাষ্ট্ৰপতি মুৰ্মুৱে মঙলবাৰে বিশ্ব ভাৰতীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

পশ্চিমবংগ চৰকাৰে নেতাসকলক গৃহবন্দী কৰি ৰখা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । আৰক্ষী তথা চৰকাৰক জনজাতীয় সংগঠনৰ নেতাসকলে সমালোচনাও কৰিছে । সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনজাতীয় নেতা ৰাম সোৰেণে কয় যে, তেওঁলোকে বিভিন্ন দাবীৰে ৰাষ্ট্ৰপতিক লগ কৰিব বিচাৰিছিল । কিন্তু দিনটোৰ বাবে তেওঁলোকক গৃহবন্দী কৰি ৰখা হৈছে । তিনিগৰাকী আৰক্ষীক গেটৰ সন্মুখত নিয়োগ কৰা হৈছে আৰু তেওঁলোকে নেতাসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

আন এগৰাকী নেতা মিণ্টি হেমব্ৰামে কয় যে, তেওঁলোকৰ বহুতো দাবী আছে । তেওঁলোকক মৌলিক সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি তেওঁ দাবী কৰে । নেতাগৰাকীৰ মতে তেওঁলোকৰ মাটি কাঢ়ি নিয়া হৈছে, সন্তান সঠিক শিক্ষাৰ পৰা বঞ্চিত হৈছে । এই অৱস্থাত তেওঁলোকে বিষয়বোৰ ৰাষ্ট্ৰপতিৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছিল ।

এই ঘটনাটোৰ পাচতে বিভিন্ন সংগঠনৰ নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Reaction over Tribal leader house arrest)। ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলৰ কণ্ঠস্বৰ দমন কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ উলংঘা কৰাৰো অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : Smriti Irani on Rahul Gandhi : আইনৰ ঊৰ্ধ্বত কোনো নহয়, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.