ETV Bharat / bharat

Train caught fire at Kannur Railway station: কন্নুৰ ৰে’লৱে ষ্টেচনত ৰে’লত লাগিল জুই

কেৰালাত কান্নুৰ ৰে’লৱে ষ্টেচনত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Train caught fire at Kannur Railway station) ৷ কোনোবাই জানি-বুজি এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সবিশেষ আগলৈ-

Train caught fire
ৰে’লত লাগিল জুই
author img

By

Published : Jun 1, 2023, 11:03 AM IST

নেশ্যনেল ডেস্ক, 1 জুন : কেৰালাৰ কন্নুৰ ৰে’লৱে ষ্টেচনত আলাপ্পুজা কান্নুৰ এক্সিকিউটিভ এক্সপ্ৰেছ ট্ৰেইনত অগ্নিকাণ্ড (Alappuzha Kannur executive express train) । পুৱা প্ৰায় ১.২৫ বজাত সংঘটিত হয় এই ঘটনা । ট্ৰেভেল সেৱা বন্ধ হোৱাৰ পিচতে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয় । শেষৰটোৰ পৰা তৃতীয় দবাত জুই লাগে । দবাটো সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৷ এইখন সেইখন ৰে’ল য’ত শ্বাহৰুখ ছাইফীয়ে কোঝিকোডৰ এলাথুৰত জুই লগাই দিছিল । এই ঘটনা পৰিকল্পিত বুলি সন্দেহ কৰা হৈছে ।

কেৰালা আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে । ওচৰৰ বিপিচিএলৰ পেট্ৰ’ল ডিপোৰ চিচিটিভি ফুটেজত আৰক্ষীয়ে বেত লৈ খোজকাঢ়ি থকা এজন লোকক প্ৰত্যক্ষ কৰে । তদন্তকাৰী দলটোৱে বাহিৰৰ কাৰোবাৰ হস্তক্ষেপ অবিহনে জুই ইমান সোনকালে বিয়পি পৰাৰ সম্ভৱ নহয় বুলি সন্দেহ ব্যক্ত কৰে (Train caught fire at Kannur Railway station) ৷

তদন্তকাৰী দলটোৱে ইতিমধ্যে নিকটৱৰ্তী চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে । ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লৰ ভিতৰত কোনো লোক আছিল নেকি আৰু তেওঁ অপৰাধ সংঘটিত কৰিছিল নেকি সেই বিষয়ে সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী দলটোৱে । অধিক তদন্তৰ অন্ততহে অধিক সবিশেষ দিব পৰা যাব বুলি আৰক্ষী দলটোৱে জানিবলৈ দিয়ে ।

কোঝিকোডৰ এলাথুৰত ৰে’লখনত জুই লগাৰ দুমাহৰ ভিতৰতে একেখন ৰে’লতে পুনৰ অগ্নিকাণ্ড সংঘটিত হোৱাটোৱে সকলোকে আচৰিত কৰি তুলিছে । এলাথুৰৰ ঠাইখনৰ ওচৰতে বিপিচিএলৰ পেট্ৰ’ল ডিপো এটাও আছিল । তদন্তকাৰী দলটোৱে এই বিষয়সমূহ বিতংভাৱে পৰীক্ষা কৰি আছে ।

ইফালে জুই লগা দবাবোৰ ৰে’লৰ পৰা পৃথক কৰি পেলোৱা হয় । পালাক্কাডৰ পৰা অহা দক্ষিণ ৰে’লৱেৰ এম ডিৰ এম আৰ জাকিৰ হুছেইনৰ নেতৃত্বত এটা দলে জ্বলি যোৱা দবাসমূহ পৰিদৰ্শন কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে তদন্তৰ পিছতহে অধিক সবিশেষ ক’ব পৰা যাব । ফৰেনছিক দলটোৱেও সেই স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰিব । এন আই এয়ে পৰীক্ষা কৰিব যে এই ঘটনাটো এলাথুৰৰ ৰে’লত অগ্নিসংযোগৰ ঘটনাৰ সৈতে জড়িত নেকি ? এই তদন্ত শ্বাহৰুখ ছাইফীৰ সৈতে জড়িত সকলৰ মাজলৈয়ো যাব বুলিও ইংগিত দিয়া হৈছে ।

লগতে পঢ়ক : Nepal PM India visit : আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.