ETV Bharat / bharat

Train accident in West Bengal : পশ্চিমবংগৰ দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ, লাইনচ্যুত 12 টা ডবা

author img

By

Published : Jun 25, 2023, 10:09 AM IST

পশ্চিমবংগৰ বাংকুৰাত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা । ইয়াত দুখন মালবাহী ৰে’লৰ সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত এখন মালবাহী ৰে’লৰ 12 টা ডবা লাইনচ্যুত হৈ পৰে ৷

Train accident in West Bengal
আকৌ ৰে’ল দুৰ্ঘটনা

পশ্চিমবংগৰ দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 24 জুন : আকৌ ৰে’ল দুৰ্ঘটনা ৷ প্ৰায় এটা মাহ পূৰ্বে সংঘটিত হোৱা ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা ৷ এইবাৰ পশ্চিমবংগত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাটো ৷ দেওবাৰে পুৱা প্ৰায় 4 বজাত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত কেবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ শেহতীয়া তথ্য অনুসৰি, এই ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷

জানিব পৰা মতে, দেওবাৰে পুৱা 4 বজাত পশ্চিমবংগৰ বাংকুৰাৰ ওণ্ডা ষ্টেচন পাৰ হৈ নিৰ্দিষ্ট স্থানৰ অভিমুখে গতি কৰিছিল এখন মালবাহী ৰে’লে ৷ তেনে সময়তে ওণ্ডা ষ্টেচন পাৰ হৈ যোৱা মালবাহী ৰে’লখনক অতি জোৰেৰে পিচফালৰ পৰা খুন্দা মাৰে অন্য এখন মালবাহী ৰে’লে ৷ এই ৰে’ল দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত এখন মালবাহী ৰে’লৰ 12 টা ডবা লাইনচ্যুত হৈ কাষতে পৰি যায় ৷ এই ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ ফলত এখন মালবাহী ৰে’লৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷

লগতে পঢ়ক : Odisha train crash : ১৯৮১ চনৰ পৰা ভাৰতত কিমান ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল, জানো আহক...

ইফালে এই ৰে’ল দুৰ্ঘটনাৰ শব্দ শুনিয়েই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় বহু ৰাইজ ৷ স্থানীয় লোকৰ তৎপৰতাত আহত ৰে’ল চালকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে বৰ্তমানলৈকে লাভ কৰা তথ্যত এই ৰে’ল দুৰ্ঘটনাত কিমানজন লোকৰ মৃত্যু হৈছে সেই কথা জানিব পৰা নাই ৷ ৰে’ল বিভাগৰ বিষয়াসকলৰ পৰা লাভ কৰা তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা দুয়োখন মালবাহী ৰে’লে আছিল খালী ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে এই ৰে’ল দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

ইতিমধ্যে ৰে’ল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে গৈ ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু ৰে’ল দুৰ্ঘটনাৰ সম্পূৰ্ণ দিশটো তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷ ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, এই দুৰ্ঘটনাৰ ফলত আদ্ৰা সংমণ্ডলৰ বহু ৰে’লৰো ক্ষতি সাধন হৈছে । ৰে’লৱেৰ বিষয়াসকলে জনোৱা অনুসৰি, শীৰ্ঘ্ৰেই মুকলি কৰা হ’ব দুৰ্ঘটনা সংঘটিত হোৱা ৰে’লৱে ট্ৰেকটো ৷

লগতে পঢ়ক : Odisha train tragedy: কিয় হ’ল দুৰ্ঘটনা ? যান্ত্ৰিক বিজুতি নে ৰে’ল কৰ্মীৰ ভুল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.