ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ ৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ - কৃষক নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰাৰ অধীনত

গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীত আৰক্ষী আৰু কৃষকৰে হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত স্বৰাজ ইণ্ডিয়াৰ সভাপতি যোগেন্দ্ৰ যাদৱ,সমাজকৰ্মী মেধা পাটেকাৰ আৰু ভাৰতীয় কৃষক সংঘৰ হাৰিয়ানা গোটৰ সভাপতি গুৰনাম সিং চানডুনিকে ধৰি ৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ।

৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

author img

By

Published : Jan 28, 2021, 10:28 AM IST

নিউজ ডেস্ক,২৮ জানুৱাৰী: গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীত আৰক্ষী আৰু কৃষকৰে হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত ইতিমধ্যে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে কেবাটাও গোচৰ । এই গোচৰত নাম সাঙোৰ খাইছে স্বৰাজ ইণ্ডিয়াৰ সভাপতি যোগেন্দ্ৰ যাদৱ,সমাজ কৰ্মী মেধা পাটকাৰ আৰু ভাৰতীয় কৃষক সংঘৰ হাৰিয়ানা গোটৰ সভাপতি গুৰনাম সিং চানডুনি,অভীক সাহা,জয় কিষাণ আৰু ভাৰতীয় কিষাণ সংঘৰ মুখপাত্ৰ ৰাকেশ টিকাইতৰ লগতে দৰ্শন পাল সিং,চতনাম সিং পান্নু, বুটা সিং বুৰ্জগিল আৰু যোগিন্দৰ সিং উগ্ৰাহাৰকে ধৰি ৩৭ গৰাকী কৃষক নেতাৰ ।

এইসকল কৃষক নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰাৰ অধীনত ক্ৰমে মাৰপিটৰ ধাৰা ১৪৭,১৪৮,অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা ১২০ বি আৰু হত্যাৰ চেষ্টাৰ ধাৰা ৩০৭ৰ অধীনত গোচৰ ৰুজু কৰে। অপৰাধমূলক কাৰ্যৰে জৰিত ২৫ খনতকৈও অধিক এজাহাৰ দাখিল কৰা হৈছে । এই বিদ্ৰোহৰে জৰিত ইতিমধ্যে ১৯ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৫০ গৰাকী প্ৰতিবাদকাৰীক আটক কৰা হৈছে ।

কৃষি আইনৰ বিৰোধিতা কৰি কৃষকসকলে উলিওৱা বিশাল প্ৰতিবাদী ট্ৰেক্টৰ ৰেলীত আৰক্ষী আৰু কৃষকৰ মাজত হোৱা হতাহতিত ৩৯৪ গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ অধিকাংশই আই চি ইউত চিকিৎসাধীন ।

সমগ্ৰ ঘটনা সন্দৰ্ভত বুধবাৰে দিল্লী আৰক্ষী আয়ুক্ত এছ এন শ্ৰী বাস্তৱে হিংসাত্মক ঘটনাৰে জৰিত প্ৰতিবাদকাৰীসকলক ৰক্ষা কৰা নহ'ব বুলি মন্তব্য কৰে । হিংসাত্মক ঘটনাৰে জৰিত থকা প্ৰতিবাদকাৰীসকলক চিনাক্ত কৰিবলৈ মুখ চিনাক্তকৰণ প্ৰণালী ব্যৱহাৰ কৰা হ'ব বুলি জনায় শ্ৰী বাস্তৱে। এই পৰিস্থিতিৰ বাবে আক্ৰমণাত্মক কাৰ্যকলাপে পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিছিল। বুধবাৰে আহত আৰক্ষীসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হৈ এই মন্তব্য আগবঢ়াইছিল আয়ুক্তগৰাকীয়ে ।

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে বিগত ডেৰমাহ ধৰি কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰতণ্ড শীতকো নেওচি এই বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে গণৰাজ্য দিৱসৰ দিনা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি ট্ৰেক্টৰ ৰেলী প্ৰদৰ্শন কৰিবলৈ ওলাই অহাত প্ৰতিবাদী কৃষকক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচতো ক্ষুদ্ধ কৃষকসকলে সকলো নিয়ম ভংগ কৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰি আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল । যাৰ ফলত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে পঢ়ক:অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.