ETV Bharat / bharat

ভাৰতত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত 71 লোক চিনাক্ত - কোৱাৰেণ্টাইন

ভাৰতত এই পৰ্যন্ত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত 71 গৰাকী লোক চিনাক্ত হৈছে ৷ কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত আটাইকেইজন লোককে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে পৃথক পৃথক কোঠালিত আইচ'লেছন প্ৰক্ৰিয়াত চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷

Total 71 persons detected with new UK mutant strain
ভাৰতত কৰ‘ণাৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত 71 গৰাকী লোক চিনাক্ত
author img

By

Published : Jan 6, 2021, 7:13 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সদৰি কৰে যে, ভাৰতত কৰ‘ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ লক্ষণ থকা 71 গৰাকী লোক এই পৰ্যন্ত ধৰা পৰিছে ৷ তেওলোকৰ শৰাৰত বৃটেইনত ধৰা পৰা দ্ৰুত সংক্ৰমিত নতুন লক্ষণযুক্ত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমান তেওলোকক চিকিৎসাৰ বাবে আইচ‘লেছন প্ৰক্ৰিয়াত ৰখা হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে , কৰ‘ণাৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত আটাইকেইজন লোককে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে পৃথক পৃথক কোঠালিত আইচ‘লেছন প্ৰক্ৰিয়াত চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷ আনহাতে এই সকল লোকৰ সংস্পৰ্শলৈ অহা লোকসকলকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

29 ডিচেম্বৰত বৃটেইনৰ পৰা ভাৰতলৈ উভতি অহা 6 গৰাকী লোকৰ শৰীৰত প্ৰথমবাৰৰ বাবে কৰ‘ণাৰ নতুন সংক্ৰমণৰ লক্ষণ ধৰা পৰিছিল ৷ ইতিমধ্যে এই নতুন লক্ষণ যুক্ত কৰ‘ণাৰ সংক্ৰমণৰ ঘটনা ডেনমাৰ্ক, নেদাৰলেণ্ড, অষ্ট্ৰেলীয়া, ইটালী, চুইডেন, ফ্ৰান্স, স্পেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু ছিংগাপুৰতো পোৱা গৈছে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 25 নৱেম্বৰৰ পৰা 23 ডিচেম্বৰৰ মাজনিশালৈকে বৃটেইনৰ পৰা 33 হাজাৰ যাত্ৰী ভাৰতৰ বিভিন্ন বিমানবন্দৰত অৱতৰণ কৰিছে ৷ আটাইকেইগৰাকী যাত্ৰীকে ইতিমধ্যে সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলে চিনাক্ত কৰি RT-PCR টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অৰূপ কুমাৰ গোস্বামীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.