ETV Bharat / bharat

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি

ETV TOP NEWS
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 25, 2022, 5:11 PM IST

Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে (Modi speaks to Putin over Ukraine situation)৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷

Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ

ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী (Assamese students in Ukraine) ৷ এই এশগৰাকী শিক্ষাৰ্থীৰ তালিকা ইতিমধ্যে ৰাজ্য চৰকাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে । ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Russia Ukraine War: পৰিয়ালক লৈ চিন্তিত অসমত বসবাস কৰা ইউক্ৰেইনৰ এগৰাকী জীয়ৰী

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধক(Russian Ukraine war) লৈ চিন্তিত হৈ পৰিছে এগৰাকী অসমীয়া বোৱাৰী ৷ ছাত্ৰাৱস্থাত হোৱা প্ৰেমৰ ফলত চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ ফেশ্বন ডিজাইনাৰ ছফিউৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডাঃ এনাস্থিয়া ৰহমান (Dr. Anastasiia Mosiiash) । ডাঃ এনাস্থিয়া ৰহমানৰ ঘৰ ইউক্ৰেইনত ৷ সম্প্ৰতি বোৱাৰী হৈ চিৰাঙত বসবাস কৰা এনাস্থিয়া ইউক্ৰেইন যুদ্ধৰ বাবে পৰিয়ালক লৈ চিন্তিত হৈ পৰিছে ।

মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে

তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ(President Kovind in Assam) । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত দিনৰ প্ৰায় ১১.৩০ বজাত অৱতৰণ কৰে । ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী ৷ শুকুৰবাৰৰ পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাঙলীপথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন ৷

UP polls 2022: বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি প্ৰধান আমেঠি সমষ্টি

উত্তৰপ্ৰদেশৰ আমেঠি সমষ্টিৰ কৃষকসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে (Amethi constituency burdened with various problems)। সাৰ ক্ৰয়ৰ পৰা আৰম্ভ কৰি ঋণ পৰিশোধলৈকে, বন্য জন্তুৰ উপদ্ৰৱৰ পৰা বিদ্যুতৰ নাটনিলৈকে ভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিটো । প্ৰতিবছৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল ।

Russian Ukraine war: ৰাছিয়াৰ সেনাৰ দখলত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্প

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে (Russia Ukraine crisis ) । ৰাছিয়া সেনাই ইউক্ৰেইনৰ বিমানঘাটি, সেনাৰ ঘাটি আদিত আক্ৰমণ কৰিছে । ৰাজধানী কিয়েভৰ পৰা মাত্ৰ ৬০ মাইল উত্তৰত অৱস্থিত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্পও নিজৰ দখললৈ নিছে ৰাছিয়া সেনা বাহিনীয়ে (Russian army captures Chernobyl nuclear power plant) । শেহতীয়া পৰিস্থিতিকলৈ সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ পৰিছে ।

Russia-Ukraine crisis : ভাৰতৰ স্থিতি বিচাৰি যোগাযোগ অব্যাহত ৰাখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

ইউক্ৰেইনৰ সংকটক লৈ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনা (Russia-Ukraine crisis) ৷ ৰাছিয়াৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে ভাৰতক সংগী হিচাপে বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷

Railway land leasing to corporates: লীজত দিয়া মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ পৰিকল্পনা

ৰেল বিভাগে ব্যৱসায়ীক লীজত দিয়া গুৱাহাটীৰ ৰেল বিভাগৰ মাটিখিনি (Guwahati railway land leasing to corporates)ৰাজ্য চৰকাৰৰ অধীনলৈ আনিবৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে । প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে সেয়া চাই ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব । বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ৷

Assam municipal election 2022: কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ?

গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে উন্মোচন কৰা হয় বিজেপিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে এই নিৰ্বাচনী ইস্তাহাৰ (CM releases municipal election manifesto of BJP)। ৰাজ্যৰ পৌৰ সভাৰ অন্তৰ্গত ৯০০ ৱাৰ্ডৰ ৬০ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.