ETV Bharat / bharat

26 জানুৱাৰীত টেক্টৰ ৰেলী বাহিৰ নকৰিবলৈ কৃষকক আহ্বান কৃষিমন্ত্ৰী টোমৰৰ - কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰ

26 জানুৱাৰীত ৰাজধানী দিল্লীত টেক্টৰ ৰেলী বাহিৰ কৰাৰ বাবে সাজু তিনি কৃষি আইন বাতিলৰ দাবীৰে দিল্লীৰ সীমান্তত অৱস্থান কৰা প্ৰতিবাদী কৃষক ৷ টেক্টৰ ৰেলীৰ কাৰ্যসূচী স্থগিত ৰখাৰ বাবে কৃষকক আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ ৷ 26 জানুৱাৰীৰ দিনটোত হাজাৰৰ অধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ হুংকাৰ প্ৰতিবাদী কৃষক সংগঠনৰ নেতাৰ ৷

tomar urges farmers not to take out tractor march on jan 26

author img

By

Published : Jan 18, 2021, 10:56 PM IST

নেচনেল ডেস্ক, 18 জানুৱাৰী : তিনি কৃষি আইন বাতিলৰ দাবীৰে দিল্লীৰ সীমান্তত অৱস্থান কৰা কৃষকসকল এইবাৰ গণৰাজ্য দিৱসৰ দিনটোত অৰ্থাৎ 26 জানুৱাৰীত টেক্টৰ ৰেলী বাহিৰ কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক এই টেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ পৰিৱৰ্তে মিজৰ স্থিতিত অটল প্ৰতিবাদী কৃষক সংগঠনৰ নেতা সকলে সোমবাৰে কয় যে, শান্তিপূৰ্ণ ভাৱে টেক্টৰ লৈ সমদল কৰাৰ বাবে কৃষক সকলৰ সম্পূৰ্ণ সাংবিধানিক অধিকাৰ আছে ৷

26 জানুৱাৰীৰ দিনটোত হাজাৰৰো অধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিব বুলি কৃষক সংগঠনৰ নেতা সকলে হুংকাৰ দিয়াৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ে কৈছে যে, প্ৰতিবাদী কৃষকসকলক ৰাষ্ট্ৰৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ প্ৰাৰম্ভিক অধিকাৰ দিল্লী আৰক্ষীৰহে আছে ৷

ভাৰতীয় কিষাণ সংগঠনৰ পঞ্জাৱৰ সাধাৰণ সম্পাদক পৰমজীত সিঙে কয় যে, কৃষকসকলে ৰাজপথ বন্ধ কৰি কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত নকৰে বৰঞ্চ গণৰাজ্য দিৱসৰ আনুষ্ঠানিক পেৰেডত কোনো বাধা নজন্মোৱাকৈ তেওঁলোকে শান্তিপূৰ্ণভাৱে দিল্লী অভিমুখে যাত্ৰা কৰিব ৷

বিগত বৰ্ষৰ 28 নৱেম্বৰৰ পৰাই পঞ্জাৱ আৰু হাৰিয়ানাকে ধৰি বিভিন্ন ঠাইৰ কৃষকসকলে নতুন কৃষি আইন বাতিলৰ দাবী উত্থাপন কৰি দিল্লী সীমান্তত অৱস্থান কৰি থকাৰ মাজতে এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক জনাইছে যে 26 জানুৱাৰীৰ প্ৰস্তাৱিত টেক্টৰ ৰেলী আইন শৃংখলাৰ অধীনস্থ বিষয় আৰু এই সম্পৰ্কত সকলো প্ৰাৰম্ভিক সিদ্ধান্ত লোৱাৰ অধিকাৰ দিল্লী আৰক্ষীৰ ৷

19 জানুৱাৰীত চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত দশম লানি আলোচনাৰ দিন ধাৰ্য কৰা হৈছে ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰ আৰু 41 টা কৃষক সংগঠনৰ সৈতে অনুষ্ঠিত আলোচনাই এই পৰ্যন্ত কোনোধৰণৰ উপযুক্ত ফলাফল দিব পৰা নাই ৷

লগতে পঢ়ক:কৃষক বিদ্ৰোহঃ আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ কিষাণ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.