ETV Bharat / bharat

ISRO Aditya L1 Mission : শ্ৰীহৰিকোটাৰ পৰা আদিত্য এল১ৰ সফল উৎক্ষেপণ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 12:32 PM IST

ইছৰোৱে শনিবাৰে মহাকাশবন্দৰৰ পৰা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল১ সফলতাৰে আৰম্ভ কৰে । আদিত্য এল১ হৈছে সূৰ্য অধ্যয়ন কৰা প্ৰথম মহাকাশ ভিত্তিক পৰ্যবেক্ষণ ব্যৱস্থা । শনিবাৰে পুৱা ১১.৫০ বজাত ইছৰোৰ নিৰ্ভৰযোগ্য প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি) ব্যৱহাৰ কৰি ইয়াৰ সফল উৎক্ষেপণ কৰা হয় ।

ISRO Aditya L1 Mission
ISRO Aditya L1 Mission

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ভাৰতৰ প্ৰথম মহাকাশ ভিত্তিক পৰ্যবেক্ষণমূলক সৌৰ অভিযান আদিত্য এল১ৰ সফল উৎক্ষেপণ কৰা হয় । সূৰ্যৰ এক বিস্তৃত অধ্যয়নৰ বাবে প্ৰেৰণ কৰা এই আদিত্য এল১ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশবন্দৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মহাকাশযানখনে ৭ টা পৃথক পেলোড বহন কৰি নিছে । এই আটাইবোৰ দেশীয়ভাৱে বিকশিত কৰা হৈছে আৰু ইয়াক এল১-ত স্থাপন কৰা হ'ব । ইয়াৰ অৰ্থ হৈছে সূৰ্য-পৃথিৱী প্ৰণালীৰ লাগ্ৰেঞ্জ পইণ্ট ১ ।

ইছৰোৰ মতে, এল১ হৈছে মহাকাশৰ এক স্থান, য'ত সূৰ্য আৰু পৃথিৱীৰ দৰে দুটা মহাকাশীয় বস্তুৰ মাধ্যাকৰ্ষণ শক্তি সন্তুলনত আছে । ই তাত ৰখা বস্তু এটাক দুয়োটা মহাকাশীয় বস্তুৰ ভিত্তিত তুলনামূলকভাৱে স্থিৰে ৰাখে ।

নিৰ্ধাৰিত উৎক্ষেপণৰ পিছত আদিত্য এল১ ১৬ দিনৰ বাবে পৃথিৱী-আবদ্ধ কক্ষপথত থাকিব । ইয়াৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় বেগ লাভ কৰিবলৈ ই ৫ টা মেনুভাৰৰ মাজেৰে যাব । পৰৱৰ্তী সময়ত আদিত্য এল১-এ ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান১ ইনছাৰচন মেনুভাৰৰ মাজেৰে যাব, যিয়ে এল১ লাগ্ৰেঞ্জ পইণ্টৰ চাৰিওফালে গন্তব্য স্থানলৈ ইয়াৰ ১১০ দিনৰ গতিপথৰ আৰম্ভণি চিহ্নিত কৰে ।

এল১ পইণ্টত উপস্থিত হোৱাৰ পিছত আন এক মেনুভাৰে আদিত্য এল১ক এল১ৰ চাৰিওফালে এটা কক্ষপথত বান্ধি ৰাখিব, যিটো হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজত এক সন্তুলিত মাধ্যাকৰ্ষণীয় অৱস্থান । উপগ্ৰহটোৱে পৃথিৱী আৰু সূৰ্যৰ সৈতে সংযোগ কৰা ৰেখাৰ প্ৰায় লম্বভাৱে এখন সমতলত অনিয়মীয়া আকৃতিৰ কক্ষপথত এল১ৰ চাৰিওফালে প্ৰদক্ষিণ কৰি গোটেই মিছন সময় অতিবাহিত কৰিব ।

লগতে পঢ়ক :Solar mission of ISRO : ইছৰোৰ সূৰ্য অভিযানৰ লক্ষ্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.