ETV Bharat / bharat

চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা: মুখ্যমন্ত্ৰী মাণিক সাহা - চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা

শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেবে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে মানিক সাহাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ তাৰ পিছতে মাণিক সাহাই দেওবাৰে এখন সংবাদমেল আয়োজন কৰি (Tripura CM Manik Saha organize press conference) ত্ৰিপুৰাৰ উন্নয়নৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

to-accelerate-the-development-of-tripura-is-my-main-goal-new-cm-of-tripura
চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা: মুখ্যমন্ত্ৰী মাণিক সাহা
author img

By

Published : May 15, 2022, 9:13 PM IST

ত্ৰিপুৰা, 15মে’: শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰাৰ (Tripura CM Biplab kumar deb resigns) পাছতে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি মাণিক সাহাই দেওবাৰে এখন সংবাদমেল আয়োজন কৰে (Tripura CM Manik Saha organize press conference) ৷ সংবাদমেলখনত ‘‘চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা’’ (Accelerate the development of Tripura) বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে চৰকাৰে ৰাজ্যখনত আইন-শৃংখলা শৃংখলাবদ্ধভাৱে বজাই ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব বুলি মন্তব্য কৰে নৱ-নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি, ৰাজ্যখনৰ উন্নয়নমূলক কাৰ্যসূচীসমূহ আগবঢ়াই নিয়া আৰু ৰাজ্যখনত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে বিৰোধীৰ সহযোগিতাৰ প্ৰয়োজন বুলিও সংবাদমেলখনত উল্লেখ কৰে মুখ্যমন্ত্ৰী মাণিক সাহাই ৷

ইয়াৰোপৰি, 2047 চনলৈকে ৰাজ্যখনৰ উন্নয়ন পৰিকল্পনা ৰূপায়ণত অধিক গতি আনিবলৈ চেষ্টা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Development plan of Tripura till 2047) ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্যখনৰ নিবনুৱাসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব (Create employment opportunities for the unemployed in Tripura) ৷

ইয়াৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই আৱণ্টন কৰা দায়িত্বসমূহ কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে নৱ-নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, সাহাই চৰকাৰৰ উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিয়া আৰু ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ সহায়-সহযোগিতাও কামনা কৰে ৷

লগতে পঢ়ক : ২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ অংশ হোৱা মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.