ETV Bharat / bharat

Senthil Balaji case: চেন্থিল বালাজীৰ বাইপাছ ছাৰ্জাৰীৰ পৰামৰ্শ চিকিৎসকৰ

author img

By

Published : Jun 14, 2023, 1:33 PM IST

তামিলনাডুৰ চিকিৎসকসকলে চেন্থিল বালাজীৰ বাইপাছ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে । উল্লেখ্য যে ইডিয়ে মঙলবাৰে পুৱা ৭ বজাৰ পৰা প্ৰায় ১৮ ঘণ্টা ধৰি চলা অভিযানৰ পিচত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

Senthil Balaji ED Issue
Senthil Balaji ED Issue

নিউজ ডেস্ক, ১৪ জুন : তামিলনাডুৰ বিদ্যুৎ মন্ত্ৰী চেন্থিল বালাজীক চিকিৎসা কৰি থকা চিকিৎসকসকলে বুধবাৰে হৃদযন্ত্ৰৰ ৰক্তনলীত চিনাক্ত কৰা ব্লকবোৰ আঁতৰাবলৈ বাইপাছ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে । উল্লেখ্য যে চেন্থিল বালাজীক ইয়াৰ পূৰ্বে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াসকলে ঘোচ লৈ চাকৰি দিয়া কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ।

তামিলনাডুৰ বিদ্যুৎ মন্ত্ৰী ভি চেন্থিল বালাজীক বুধবাৰে পুৱতি নিশা ৰাজ্যখনৰ ৰাজধানীৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে ইডিয়ে মঙলবাৰে পুৱা ৭ বজাৰ পৰা প্ৰায় ১৮ ঘণ্টা ধৰি চলা অভিযানৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

আনহাতে, চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, চেন্থিল বালাজীক প্ৰায় ১৮ ঘণ্টা ধৰি কৰা সোধা-পোছাৰ অন্তত ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) ধাৰাৰ অধীনত দাখিল কৰা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় । এই গোচৰটো মন্ত্ৰীজনে কৰা প্ৰৱঞ্চনাৰ অভিযোগৰ সৈতে সম্পৰ্কিত । অভিযোগ মতে, পূৰ্বৰ এআইএডিএমকে শাসনকালত পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত থকাৰ সময়ত ধনৰ বিনিময়ত চাকৰি প্ৰদান কৰিছিল চেন্থিলে ।

ইফালে বালাজীৰ কেবিনেট সহকৰ্মী তথা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধিকে ধৰি কেইবাজনো ডিএমকেৰ নেতাই তামিলনাডু চৰকাৰী মাল্টি ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি হোৱা মন্ত্ৰীজনক সাক্ষাৎ কৰে ।

উল্লেখ্য যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বুধবাৰে তামিলনাডুৰ বিদ্যুৎ মন্ত্ৰী চেন্থিল বালাজীক ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক 'ৰাজনৈতিক হাৰাশাস্তি আৰু প্ৰতিহিংসা' বুলি অভিহিত কৰিছে । আনহাতে, এই গ্ৰেপ্তাৰ কাৰ্যৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । ৮০ বছৰীয়া খাৰ্গেয়ে লগতে কয় যে বিৰোধী দলসমূহক এনে নিৰ্লজ্জ পদক্ষেপৰ জৰিয়তে ভয় খুৱাব নোৱাৰিব ।

"এইটো মোদী চৰকাৰৰ দ্বাৰা তেওঁলোকৰ কাৰ্যৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে ৰাজনৈতিক নিৰ্যাতন আৰু প্ৰতিহিংসাৰ বাহিৰে আন একো নহয় । এনে নিৰ্লজ্জ পদক্ষেপৰ জৰিয়তে আমাৰ বিৰোধী দলৰ কাকো ভয় খুৱাব নোৱাৰে ।" কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত জাৰি কৰা এক বিবৃতিত খাৰ্গেয়ে এনেদৰে কয় ।

লগতে পঢ়ক :Sensational Murder in Bihar: বিহাৰত মৰ্মান্তিক ঘটনা; ৩ কন্যাসহ পত্নীক হত্যা কৰি নিজেও আত্মঘাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.